Breaking

নগাঁৱত চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০

0 1,277

নগাঁও, ১২ ডিচেম্বৰ: নগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে “চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০”। ইন্ডিয়া যোগ কালচাৰ এন্ড যোগ ঠেৰাপী চেন্টাৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম যোগ এচছিয়েশ্বন ,পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ পুলিচ ৰিৰ্জাভৰ সভাগৃহত অনুষ্ঠিত  যোগ মহোৎসৱৰ আজি উদ্ধোধনী অনুষ্ঠানত সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , অসম যোগ এচছিয়েশ্বনৰ সভাপতি তপন কুমাৰ দাস, অসম যোগ এচছিয়েশ্বনৰ অধ্যক্ষ ডা:কৃষ্ণ কুমাৰ বৰা, যোগাচাৰ্যা শুভাশীষ, ড:শান্তনু ৰয় চৌধুৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অসম যোগ এচছিয়েশ্বনৰ সম্পাদক প্ৰভাত বৰাই আঁত ধৰা উদ্ধোধনী সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই   ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ত সুস্থ আৰু নিৰোগী জীৱনৰ সংগী হৈছে নিয়মিত যোগভাস। যোগ হৈছে প্ৰণালীবদ্ধ জীৱনৰ আধাৰ । আৰোগ্য জীৱনৰ এক সংকল্প  যোগ। সুস্থ আৰু নিৰোগী জীৱনেই হৈছে এখন সুস্থ সমাজৰ মূলমন্ত্ৰ। লগতে বিধায়ক গৰাকীয়ে এনে এটা অনুষ্ঠান নগাঁৱত আয়োজন কৰাৰ বাবে উদ্যোক্তা সকলক   ধন্যবাদ জনোৱাৰ লগতে  অনাগত দিনত তেওঁলোকৰ অনুষ্ঠান সমূহ সফল হোৱাৰ কামনা কৰে।উল্লেখযোগ্য যে এমাহ যোৰা এই যোগ সচেতনতা অনুষ্ঠান  পৰ্যায় ক্ৰমে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Leave A Reply