Breaking

ওদালগুৰি জিলা কাৰাগাৰত কভিডত পুনৰ ১৫ জনৰ লগতে মুঠ ৫৮ জন আক্ৰান্ত: অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ জিলা প্ৰশাসনৰ সৈতে মত-বিনিময়

0 1,090

ওদালগুৰি জিলা কাৰাগাৰত পুনৰ ১৫ গৰাকী কাৰাবন্দীৰ দেহত কোৰোনা সংক্ৰমিত হোৱা ঘটনাই এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।যোৱা ২৩ মে’ত জিলা কাৰাগাৰখনত থকা ১৮৮ গৰাকী কাৰাবন্দীকে স্বাস্হ্য বিভাগৰ জৰিয়তে ৰেপিট এন্টিজেন টেষ্ট কৰা হৈছিল আৰু উক্ত পৰীক্ষাৰ ফলাফলত ৪৩ গৰাকীৰ দেহত কৰুণা ভাইৰাজ ধৰা পৰিছিল।ইপিনে ৰেপিট টেষ্ট নিগেটিভ পোৱা ১৪৫ গৰাকী কাৰাবন্দীক যোৱা ২৫ মে’ত স্বাস্হ্য বিভাগে আৰ পি চি আৰ টেষ্ট কৰে ।ফলত ২৯মেফলাফল অনুসৰি ১৫ গৰাকীৰ দেহত কৰোনা ধৰা পৰে।এনেদৰে কাৰাগাৰৰ মাজতে ৫৮ গৰাকী কাৰাবন্দী কভিডত আক্ৰান্ত হোৱাৰ খবৰে কাৰাগাৰ বন্দী সকলৰ মাজত হাঁহাকাৰৰ সৃষ্টি হৈছে।সম্প্ৰতি গণ সংক্ৰমণৰ কবলত পৰিছে ওদালগুৰি জিলা কাৰাগাৰ।ইপিনে ২৯মেত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰি আৰু ভেৰগাওঁ মহকুমা পৰিদৰ্শন কৰি জিলাখনৰ কভিড ১৯ৰ  পৰিস্হিতি সন্দৰ্ভত বুজ লয়।অধ্যক্ষ দৈমাৰীয়ে ২৯মেত  প্ৰায় ১ বজাত ওদালগুৰিৰ আৱৰ্ত ভৱনত উপস্হিত হৈ জিলা উপায়ুক্ত ডা:পি উদয় প্ৰবীন,যুটীয়া স্বাস্হ্য সঞ্চালকৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ কভিড১৯ৰ পৰিস্হিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰি জিলাখনত লবলগীয়া সকলো চিকিৎসাৰ বিষয়ত বুজ লৈ জিলাখনৰ স্বাস্হ্য বিভাগৰ পৰা উপযুক্ত ব্যৱস্হা গ্ৰহন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায়।পৰৱৰ্তী সময়ত নতুন নতুন পদক্ষেপ গ্ৰহন কৰা হব বুলি দৈমাৰীয়ে লগতে উল্লেখ কৰে।উক্ত পৰ্যালোচনা সভাত বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ লগতে মাজবাটৰ বিধায়ক চৰণ বড়োও উপস্হিত আছিল।

Leave A Reply