Breaking

পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদযাপন

0 2,610

পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এক বিশেষ বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসমৰ জাতীয় জীৱনলৈ তেওঁৰ অৱদানক স্মৰণ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী আধ্যপক পঞ্চানন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত “পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱন আৰু সাহিত্য” শীৰ্ষক বক্তৃতা প্ৰদান কৰে ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰিঞ্জু মণি শৰ্মাই। তেওঁৰ বক্তব্যত ডঃ শৰ্মাই বংগৰ নৱজাগৰণৰ লগত গোহাঞি বৰুৱাৰ সম্পৰ্ক, গোহাঞি বৰুৱাৰ উপন্যাসত ঐতিহাসিক পটভূমি, গোহাঞিবৰুৱাৰ  সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত প্ৰকাশিত জাতীয় চেতনা আদি দিশবোৰত বিস্তৃত আলোচনা কৰে। বিশ্বৰূপা মৰাণ আৰু পৰী হাজৰিকাৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত পদ্মনাথ গোহাঞিবৰুৱা ৰচিত  কবিতা ” বাগদেৱী বন্দনা” আবৃত্তি কৰে মহাবিদ্যালয়ৰ ছাত্ৰী সংগীতা মৰানে। অনুষ্ঠানটোত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লক্ষীপ্ৰসাদ দিহিঙীয়াই শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply