Breaking

ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা ১৬খেলুৱৈক টংলাত বিপুল সম্বৰ্ধনা

0 62

ওদালগুৰি জিলাৰ এথলেটিকছ ইভেণ্টৰ ১৬ গৰাকী খেলুৱৈক বুধবাৰে বৰজলাহস্থিত টংলা ষ্টেডিয়ামত আবেলি ৪ বজাত বিপুল সম্বৰ্ধনা জনোৱা হয়।

টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত চন্দ্র ৰাভা আৰু আন্তৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সোণ,ৰূপ, ব্ৰঞ্জ আৰু বিশেষভাৱে সফলতা লাভ কৰি ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ, জাম্পিং আৰু ডিস্কাছ থ্ৰৱিং খেলুৱৈওসকলক উষ্ম সম্বৰ্ধনা জনোৱা হয়।

ওদালগুৰি জিলা এথলেটিকছ ইভেণ্টৰ প্ৰশিক্ষক মুকুন্দ শৰ্মা বৰুৱাৰ নেতৃত্বত সাফল্য লাভ কৰা খেলুৱৈসকল ক্ৰমে মাজনী বড়ো, বিগ্ৰাই ৰাভা, মোহন বড়ো,গীতাঞ্জলী ডেকা, বিচিত্ৰা বড়ো, সান্তনা বড়ো, পৱিত্ৰ ৰাভা, কল্যাণী বড়ো , মৌচুমী কোচ, ধনজিত বড়ো, সুৰজিত বড়ো, বিনয় বড়ো , সমীৰ মেচ,কপিল বড়ো, সাবিয়া সবৰ, বিনন বড়ো আৰু অনামিকা টপ্প’।

এথলেটিকছৰ প্ৰশিক্ষক গোবিন্দ মালাকাৰ, সদৌ অসম এথলেটিকছ এছ’চিয়েছনৰ যুটীয়া সম্পাদক তথা ওদালগুৰি জিলা সন্থাৰো সাধাৰণ সম্পাদক চেমুৱেল দৈমাৰী , ওদালগুৰি জিলা ক্ৰীড়া ভাৰতীৰ সভাপতি চৰণ নাৰ্জৰী ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি বিনোদ ৰাভাই ভাষণ দিয়া সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত টংলা ক্ৰীড়া সন্থাৰ সভাপতি খৰ্গেশ্বৰ বৰা,বিটিআৰ পেনচাক চিলাট সন্থাৰ সভাপতি অৰ্জুন দৈমাৰী, সাংবাদিক নাৰায়ণ ডেকা,টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তমনি চক্ৰৱৰ্ত্তী ,খেলুৱৈ, বহু সংখ্যক ক্ৰীড়াবিদ উপস্থিত থাকে।

-নব কুমাৰ ডেকা,

Leave A Reply