Breaking

ওদালগুৰি জিলাত ১৭১২৮৮ হিতাধিকাৰীক ভেকচিন প্ৰদান

0 1,536

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ২৭জুলাইত   ওদালগুৰিত  ২৭ গৰাকী  ক’ৰণাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা  ২৭ জুলাইলৈ  আক্ৰান্তৰ সংখ্যা ৪৪৬১ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ২৭জুলাইত  ৩০২৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত  ২৭ গৰাকীৰ দেহত  ক’ৰণা ধৰা পৰে।জিলা খনৰ মুঠ ৪৪৬১ কভিড আক্ৰান্তৰ  ভিতৰৰ ৪২২৭জনক ক’ভিড মুক্ত ঘোষনা কৰাৰ লগতে  ওদালগুৰিৰ বিভিন্ন  চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ   ১২৫ আইচিলেচনত, ১৬৭ সক্ৰিয় ৰোগী  চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা  ২৭ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা  ৬৭ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত   ১৭১২৮৮গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে  ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত  ১১০১ গৰাকীক ৰেট পৰীক্ষাত ৯ গৰাকী  ক’ভিড চিনাক্ত কৰা হৈছে ৷ইতিমধ্যে ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ  ২৭জুলাই লৈ  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা আদি অঞ্চল সমুহত ৩৫ গৰাকী গৰ্ভবতী মহিলা  ক’ভিড পজিটিভ বুলি চিনাক্তকৰণ কৰা হৈছে ৷উল্লেখযোগ্য  ক’ভিড পজিটিভ হোবা  গৰ্ভবতী  মহিলাৰ  কোনো এগৰাকীয়েও ক’ভিড ভেকচিন লোৱা নাই বুলি জানিব পৰা গৈছে ৷

Leave A Reply