Breaking

সৰভোগৰ সাহাপুৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত ১৭তম বাৰ্ষিক অধিৱেশন

0 85

সৰভোগৰ সাহাপুৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত ১৭তম বাৰ্ষিক অধিৱেশন। শিক্ষা জাতিৰ মেৰুদণ্ড স্বৰূপ, শিক্ষা অবিহনে কোনো জাতি আগুৱাই যাব নোৱাৰে।অসমৰ প্ৰত্যেকটো বিদ্যালয়ত সপ্তাহযোৰা কাৰ্য্যসূচীৰে খেল – ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ সমাৰোহ চলি আছে।সৰভোগৰ সাহাপুৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত ১৭ তম সপ্তাহযোৰা কাৰ্য্যসূচীৰে মুকলি সভা আৰু বঁটা বিতৰণী লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

মুকলি সভাত সভাপতি কৰে জিন্নত আলী আহমেদ আৰু সভাত উপস্থিত থাকে বৰপেটা নগৰ উন্নয়ন নিগমৰ অধ্যাক্ষ মহেন্দ্ৰ মোহন দাস ডি কে হাইস্কুলৰ প্ৰধান শিক্ষক ইব্ৰাহীম আলী ,আজান পীৰ মাছুম মডেল একাডেমীৰ অধ্যাক্ষ আব্দুল হাই সাংবাদিক ৰমিজ তালুকদাৰ বিদ্যালয় পৰিচালনা সমিতি সদস্য বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমাজকৰ্মী মমছেদ আলম। মুকলি সভাৰ পিছত এটি গানেৰে সাংস্কৃতিক অনুষ্ঠান উব্ধোধন কৰে বৰপেটা নগৰ উন্নয়ন নিগমৰ অধ্যাক্ষ মহেন্দ্ৰ মোহন দাস।

বিদ্যালয়ৰ অধ্যাক্ষ নেকিবুল ইছলামৰ লগতে মহেন্দ্ৰ মোহন দাসে শিক্ষা সম্পৰ্কে গুৰুত্ব পূৰ্ণ ভাষণ প্ৰদান কৰে ।আগন্তুক হাই স্কুল অৱতীৰ্ণ শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰে অধ্যাক্ষ নেকিবুল ইছলামে।

Leave A Reply