Breaking

নিশা বিছনাৰ পৰাই ১৮ দিনীয়া কেঁচুৱা চুৰি, শোৱা পাটিত মাতৃৰ বুকুৰ পৰাই দুৰ্বৃত্তই চুৰি কৰি নিলে শিশুটি

0 2,032

বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত ১৮ দিনীয়া শিশু চুৰিৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৷ নিশা বিছনাত শুই থকা অৱস্থাতে মাতৃৰ বুকুৰ পৰা অন্তৰ্ধান হল পানী কেঁচুৱা ৷

বিনয় সূত্ৰধৰ নামৰ লোকজনৰ সদ্যোজাত সন্তানক নিশা ঘৰৰ পৰাই কোনোবাই চুৰি কৰি নিয়ে ৷ মাক শেফালী সূত্ৰধৰে নিজ সন্তানক লৈ নিশা টোপনি যোৱাৰ পিছত কাষতে থকা কণমাণি সন্তানটি অন্তৰ্ধান হৈ পৰে ৷ পৰৱৰ্তী সময়ত মাজ নিশা মাকে উঠি নিজৰ সন্তানক কাষত নাপাই হুৱাদুৱা লগায় ৷ ঘৰৰ ভিতৰৰ পৰা বন্ধ কৰা দৰ্জাখনো  খোলা অৱস্থাত মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে ৷

ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ আৰক্ষী বিষয়া বৰ্গ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত  আৰম্ভ কৰিছে ৷ কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানলৈ উদঘাটন হোৱা নাই ৷

Leave A Reply