দুৰ্গা পূজাৰ বাবে মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা জাৰি

দুর্গা পূজাৰ বাবে মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা জাৰি।

নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক।

পূজা সমিতিয়ে নিশা পর্যন্ত মণ্ডপত ৰাখিব লাগিব স্বেচ্ছাসেৱক।

প্রশিক্ষণ প্রাপ্ত স্বেচ্ছাসেৱক নিযুক্তি দিয়া হ’ব পূজা মণ্ডপত।

অসামৰিক পোছাকত থাকি পূজা মণ্ডপত নজৰ ৰাখিব আৰক্ষীয়ে।

প্রতিখন পূজাত CC কেমেৰা লগোৱাতো বাধ্যতামূলক।

মণ্ডপলৈ ওলোৱা-সোমোৱাৰ বাবে পুৰুষ-মহিলাৰ থাকিব লাগিব পৃথক পথ।

পূজাৰ সময়ত সুৰাপায়ীৰ ক্ষেত্ৰত কঠোৰ হ’ব মহানগৰ আৰক্ষী।

বাইকচালক আৰু আৰোহী দুয়োগৰাকীয়ে পিন্ধিব লাগিব হেলমেট।

বিসৰ্জনৰ বাবে পাণ্ডু আৰু লাচিতঘাটত বিশেষ ব্যৱস্থা কৰা হৈছে।

Related Articles