Breaking

৩ মিনিটত অনুৰাগীৰ সৈতে ১৮৪টা ছেলফি্! গিনিজ বুকত ৰেকৰ্ড অক্ষয় কুমাৰৰ…

0 60

অক্ষয় কুমাৰৰ পৰৱৰ্তী ছবি চেলফি মুক্তিৰ বাবে সাজু হোৱা অক্ষয় কুমাৰক এতিয়া চেলফি কিং বুলি ক’ব পাৰি ! কাৰণ শেহতীয়াকৈ তেওঁ মাত্ৰ তিনি মিনিটতে সৰ্বাধিক চেলফি লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিছিল। বুধবাৰে চেলফিৰ প্ৰচাৰৰ সময়ত অভিনেতাগৰাকীয়ে অনুৰাগীৰ সৈতে মাত্ৰ তিনি মিনিটতে ১৮৪খন চেলফি ক্লিক কৰিছিল। তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁক থিয় হৈ অনুৰাগীৰ সৈতে অহৰহ চেলফি ক্লিক কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁ প্ৰমাণ পত্ৰখন লৈ থকা ছবিও শ্বেয়াৰ কৰিছিল।


ছবি শ্বেয়াৰ কৰি তেওঁ লিখিছিল, “আমি ৩ মিনিটত সৰ্বাধিক চেলফিৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলোঁ।ধন্যবাদ সকলোকে।এইটো বৰ বিশেষ আছিল আৰু মই এইটো চিৰদিনৰ বাবে মনত ৰাখিম।”

ইফালে অক্ষয় কুমাৰৰ আগন্তুক চিনেমা চেলফিত ইমৰাণ হাছমীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ২০১৯ চনৰ মালয়ালম ছবি Driving License ৰ অফিচিয়েল ৰিমেক। ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাবলগীয়াহিন্দী সংস্কৰণটোৱে।

Leave A Reply