Breaking

ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত থকা ১৯০ জনক আটক

0 65

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ চলিল অভিযান। আৰক্ষীৰ অভিযানত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ,আগমনি, তামাৰহাট, বিলাসী পাৰা, চাপৰ, সাপট গ্ৰাম আৰক্ষী চকীৰ বিভিন্ন ঠাইত অভিযান চলাই গ্ৰেপ্তাৰ বাল্য বিবাহ কৰা স্বামীক ।


ধুবুৰী জিলাৰ আৰক্ষীয়ে অভিযান চলাই ধুবুৰীত ৩৩ গৰাকী, গোলকগঞ্জ ৪০ গৰাকী, গৌৰীপুৰ ৪২ গৰাকী ,আগমনি ৭ গৰাকী, তামাৰহাট ১২ গৰাকী, বিলাসী পাৰাৰ পৰা ৩৪ গৰাকী আৰু সাপটগ্ৰাম ১১ গৰাকী আৰু চাপৰ আৰক্ষী থানাত ১১ গৰাকী বাল্য বিবাহ কৰা স্বামীৰ লগতে আত্মীয়ক গ্ৰেপ্তাৰ কৰে।

ধুবুৰীত আটকাধীন ৩৩ গৰাকী ব্যক্তিক ধুবুৰীৰ ন্যায়িক আদালত হাজিৰ কৰাই জেল হাজোত লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইফালে ধুবুৰী সদৰ থানাৰ চৌহদত, বাল্য বিবাহ কৰা পৰিয়ালৰ লোকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়।

Leave A Reply