Breaking

১৯ হেজাৰ ভকত- বৈষ্ণৱ-আই মাতৃসকলক একেলগে বহিব পৰাকৈ বিশাল আকাৰৰ মণ্ডপৰ নিৰ্মাণ ! লাখ লাখ ভকত বৈষ্ণৱক আদৰণি জনাবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিবেশনঃ উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম…

0 39

১৯ হেজাৰ ভকত- বৈষ্ণৱ-আইমাতৃসকলক একেলগে বহিব পৰাকৈ বিশাল আকাৰৰ মণ্ডপৰ নিৰ্মাণ

দ্বিতীয় বৈকুণ্ঠধামলৈ পৰিণত হোৱাৰ দিশে ৰঙিয়াৰ মৰাণজনাৰ হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ সমন্বয় ক্ষেত্ৰ

লাখ লাখ ভকত বৈষ্ণৱক আদৰণি জনাবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিবেশনঃ উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম

শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিবেশনস্থলী হাতীখলা পথাৰ সমন্বয় ক্ষেত্ৰৰ পৰা নয়নজ্যোতি তালুকদাৰ : ৰঙিয়াৰ মৰাণজনা হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত অহা ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হব । তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই শংকৰদেৱ সংঘৰ অধিবেশনক লৈ প্ৰস্তুতি প্ৰায় তুংগত উঠা পৰিলক্ষিত হৈছে । ইতিমধ্যেই অধিবেশনত প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনোৱা হৈছিল যদিও ৰাজনৈতিক ব্যস্ততাৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মৰ আগমন নিশ্চিত হৈছে । সমগ্ৰ ৰাজ্যৰ লগতে দেশ বিদেশৰ ভকত,সেৱক আৰু বৈষ্ণৱকে ধৰি ৫০ লাখ ভক্তি প্ৰাণ লোকক আদৰিবলৈ সকলো সংঘৰ সেৱকসকলে সমৰ্পিত দেহ-মনেৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে । মৰাণ জনাৰ হাতীখলা পথাৰত কোনোবাই যদি নৰা কাটিছে আৰু আন কোনোবাই সেৱকে মিলি সকলোৱে বাঁহ-খেৰৰ চালিৰে শিবিৰ, মণিকূট আদি সাজি উলিয়াবলৈ লয় । ইফালে অধিৱেশনৰ কাৰ্যসূচীৰ তিনিদিন দিনে নিশাই থকাৰ বাবে শংকৰদেৱ সংঘৰ বিভিন্ন জিলাৰ শাখাৰ পৰা আহিবলৈ লোৱা ভকত -বৈষ্ণৱ -সেৱকক লৈ অস্থায়ী ভাৱে ২০০ তকৈ অধিক শিৱিৰ নিৰ্মাণ কৰি থকা হৈছে । সমান্তৰালকৈ বিভিন্ন জিলাৰ শাখাৰ পৰা আহিবলৈ লোৱা আইমাতৃ তথা মহিলা সকলৰ বাবে আছুতীয়াকৈ কেন্দ্ৰীয় ভঁড়ালৰ নিচেই কাষত সুবিশাল এক অস্থায়ী শিবিৰো নিৰ্মাণ কৰা হয় ।

যাতে আইমাতৃসকল অথবা মহিলা সকলৰ কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা আদৰণি সমিতিয়ে লক্ষ্য ৰাখিছে । এই আইমাতৃসকলৰ ৰঙিয়া শাখাই বিশেষভাৱে অধিবেশনস্থলীলৈ অহা অন্যান্য জিলাৰ শাখাৰ পৰা অহা ভকত, বৈষ্ণৱ তথা আইমাতৃ আৰু ভক্তি প্ৰাণলোকসকলক আপ্যায়নৰ সময়ত সেৱা আগবঢ়াৱ । তাৰ মাজতে কোনোবা সেৱকে মিলি সুন্দৰকৈ পৰিস্কাৰ পৰিচ্ছন্নতা লৈ দৃষ্টি ৰাখি স্বচ্ছতা বজাই চলিছে । ইয়াৰোপৰি অধিবেশনৰ বাবে লাখ লাখ ভকত বৈষ্ণৱক সহায় সহযোগিতাৰ বাবে যুৱক-যুৱতীসকলক লৈ সেৱাবাহিনী গঠিত হৈছে । এই সেনাবাহিনীয়েও দিনে নিশাই লাইখুটা স্থাপনৰ দিন ধৰি পৰিশ্ৰম কৰি আহিছে বুলি ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ আদৰণি সমিতিৰ সহঃ সম্পাদক কুশল দাসে অধিবেশনস্থলীৰ সমগ্ৰ দিশ পৰ্যালোচনাৰ পিছত প্ৰতিবেদকৰ জৰিয়তে জানিবলৈ দিয়ে । ইয়াৰোপৰি ৰঙিয়াৰ ভয়ৰা মৰাণজনাৰ হাতীখলা পথাৰৰ অধিবেশনস্থলীলৈ অহা লক্ষ লক্ষ ভকত, বৈষ্ণৱ আৰু আইমাতৃসকলক তিনিদিন ধৰি আপ্যায়ন কৰাৰ বাবে থলুৱা খাদ্যৰে উৎপাদিত শস্যৰ খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰাৰ বাবে অধিবেশনৰ আদৰণী সমিতিৰ খাদ্য যোগান সমিতিৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৰঙিয়াৰে সমীপৰ চিকনীবাৰী কৃষি পামত ১০০ বিঘা মাটিৰে আলু খেতিৰ লগতে কবি,গাজৰ,মূলা,ধনীয়া,মটৰ,লাও, বেঙেনা,বিলাহী আদিৰ খেতি কৰা হয়। ১৯ নৱেম্বৰত অধিবেশনৰ লাইখুটা স্থাপন হোৱাৰ পিছৰে পৰা দিনে নিশাই অশেষ পৰিশ্ৰম কৰা সেৱক- সেৱিকা তথা আইমাতৃসকলৰ মৰাণ জনাৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰই আধ্যাত্মিক পৰিৱেশৰ গতিধাৰা আপ্লুত হোৱা বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই কয় । তদুপৰি এই অধিবেশনত বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়ক ভৱেশ কলিতাৰ সহায় সহযোগিতা আৰু পৰামৰ্শৰ কথাৰ উপৰিও ইছলাম ধৰ্মাৱলম্বীলোকৰ শ্ৰমদানেৰে শান্তি সম্প্ৰীতিৰ এনাজৰী বান্ধোনেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনখনি সাফল্যতাৰে লক্ষ লক্ষ ভক্তি প্ৰাণলোকৰ উপস্থিতিৰ জৰিয়তে অনুষ্ঠিত হব বুলিও লগতে উল্লেখ কৰে । তাৰোপৰি ১০ হেজাৰ ভকত বৈষ্ণৱ আৰু আইমাতৃসকলক একেলগে বহিব পৰাকৈ বিশাল আকাৰৰ মণ্ডপৰ নিৰ্মাণ কৰা হৈছে । লগতে এই ১০ হেজাৰ ভকত বৈষ্ণৱে একেলগে বহি ভোজন কৰিবলৈ সুবিশাল ভোজনালয় নিৰ্মাণ হবলৈ ধৰিছে । ইতিমধ্যেই অধিবেশনৰ বাবে মাজতে কেইটামান দিন থকাৰ বাবে সকলো সেৱক সেৱিকাই আদৰণি জনাবলৈ প্ৰস্তুতি তু্ংগত কৰি তুলিছে বুলি অধিবেশনৰ আদৰণি সমিতিৰ সম্পাদক ডাঃ হিতেন্দ্ৰ নাথ ডেকাই জনায় । তাৰ বাবে ৰন্ধনৰ বাবে বৰলেছাকোণাৰ মছজিদ কমিটিয়ে এক ট্ৰাক খৰিৰ লগতে বিভিন্ন গাঁৱৰ পৰা অহা দান বৰঙণি আগবঢ়োৱা কাঠৰ খৰিৰ সু- ব্যৱস্থাত ৩৫০ টা চৌকাৰ জুইৰে ভকত, বৈষ্ণৱ আৰু আইমাতৃসকল তথা ভক্তি প্ৰাণলোকক ভোজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰোপৰি অধিবেশনৰ স্থলীত বৌদ্ধিক মহলত প্ৰাসংগিকতা লৈ এখনি গ্ৰন্থমেলাও প্ৰদৰ্শন কৰা হব তাৰ বাবে যাৱতীয় গ্ৰন্থৰ মেটমৰা সম্ভাৰ লৈ বিপণী সমূহ আগতীয়াকৈ সাজু হৈ পৰিছে ।

ইয়াৰ বাবে বিভিন্ন জিলাৰ লগতে গুৱাহাটী, ৰঙিয়া, নলবাৰীৰ বুক ষ্টল সম্প্ৰতি অধিবেশনৰ বাবে ১হাজাৰ১৩খন গ্ৰন্থবিপনীৰ ব্যৱস্থা ৰখা হৈছে । প্ৰতিখন বিপনীৰ বাবে ৫ হাজাৰ টকাকৈ আদৰণি সমিতয়ে নিৰ্ধাৰণ কৰে । প্ৰতিটো বিপনী অথবা ষ্টলত লাইট,ডেকাৰেচন আদিৰে আটকধুনীয়াকৈ সজাই তোলা হব । আনহাতে গ্ৰন্থমেলাৰ বাবে ইতিমধ্যেই ৰেখা প্ৰকাশন, কল্পতৰু প্ৰকাশন,অসম প্ৰকাশন পৰিষদকে ধৰি ৭০খন বিপনী বুকিং হৈছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰপৰা বিনামূলীয়া বিপনীৰ ব্যৱস্থা ৰখা হয় । সংঘৰ নিজাববীয়াকৈ গ্ৰন্থমেলাত মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ উপৰি মাধৱদেৱ আদি গুৰুজনাৰ আধ্যাত্মিক গ্ৰন্থ ৰখাৰ ব্যৱস্থা কৰা হৱ । ইয়াৰোপৰি গ্ৰন্থমেলাৰ প্ৰদৰ্শন স্থলীত ভক্তি প্ৰাণলোকৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি লোৱাৰ বাবে এক বিশেষ শিবিৰ গৃহৰো ব্যৱস্থা ৰখা হয় । আনহাতে বাণিজ্য মেলাৰ বাবে অধিবেশনত ১ হাজাৰ ষ্টলো থাকিব । তদুপৰি অসম চৰকাৰৰ জনজীৱন আঁচনিৰ প্ৰদৰ্শনীৰ ব্যৱস্থা আছে । মহাভাৰতৰ অভিমন্যুৰ চক্ৰবেহু ৰচনাৰাজিৰ প্ৰদৰ্শন অধিবেশনত প্ৰদৰ্শিত হব বুলি গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনী মেলাৰ উপ-সমিতিৰ উপ সভাপতি ধৰণীধৰ দাসে জানিবলৈ দিয়ে । উল্লেখ্য যে এই অভিমন্যুৰ চক্ৰবেহু সম্পূৰ্ণ প্ৰদৰ্শন উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁৱ শাখাই সম্পূৰ্ণ দায়িত্ব বহন কৰিব ।

Leave A Reply