Breaking

সমন্বিত যুৱতীৰ্থ, অসমৰ প্ৰথম পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন সম্পন্ন

0 78

অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ, অসমৰ প্ৰথম পূৰ্ণাংগ ৰাজ্যিক অধিৱেশনখনি ২০, ২১ আৰু ২২ জানুৱাৰীত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰাল কেন্দুগুৰি প্ৰাংগনত অনুষ্ঠিত হয়৷

প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি তোৰণ উন্মোচন, উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু অসম সত্র মহাসভাৰ পতাকা উত্তোলন কৰে ক্ৰমে শ্ৰী শ্ৰী অষ্টভূজদেৱৰ বৰভেটি সংৰক্ষণ উন্নয়ন সমিতিৰ সভাপতি, উদযাপন সমিতিৰ সভাপতি মনু বৰুৱা আৰু অসম সত্র মহাসভাৰ উপসভাপতি সত্ৰাধিকাৰ ভৱানন্দ গোস্বামীয়ে৷

গছপুলি ৰোপণ, প্ৰদৰ্শনী দ্বাৰ, গ্ৰন্থ বিপনীৰ দ্বাৰ, প্ৰতিনিধি বাহৰ দ্বাৰ, মঞ্চ উদ্বোধনৰ পিছতে বিয়লি ২.৩০ বজাত আলোচনা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷

ড০ ৰাজশ্ৰী হাজৰিকাৰ সম্পাদনা তথা দিগন্ত কুমাৰ মহন্ত আৰু শংকুসিদ্ধ নাথৰ সহযোগী সম্পাদনাত সমন্বিত যুৱতীৰ্থ অসমৰ স্মৃতিগ্ৰন্থ ‘সতীৰ্থ’ৰ সফল উন্মোচনৰ পিছত ৩.৩০ বজাত দশাৱতাৰ নৃত্য প্ৰতিযোগিতা, সন্ধ্যা ৫.৩০ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত স্থানীয় শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান আৰু সমন্বিত যুৱতীৰ্থৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত হয়৷ দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত চাফাই, ১০ বজাত সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি ভদ্ৰেশ্বৰ ডেকাই৷ স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক মৃণাল খনিকৰে৷

প্ৰতিনিধি পঞ্জীয়নৰ পিছতে দুপৰীয়া ১২ বজাত গায়ন বায়ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ বিয়লি ২ বজাত কেন্দ্ৰীয় সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ ডেকাৰ সভাপতিত্ব আৰু অসম সত্র মহাসভাৰ দ্বাৰা প্ৰেৰিত চাৰিগৰাকী পৰ্যবেক্ষকৰ পৰ্যবেক্ষণত অনুষ্ঠিত প্ৰতিনিধি সভাত পুৰণি সমিতিৰ পদত্যাগৰ পিছতে জানমণি মহন্তক সভাপতি, দীপাংকৰ মহন্তক কাৰ্যকৰী সভাপতি, মৃণাল খনিকৰক প্ৰধান সম্পাদক, মনোজ্যোতি ৰেগনক সহকাৰী সম্পাদক, কুশল ডেকা আৰু শংকুসিদ্ধ নাথক সাংস্কৃতিক সম্পাদক, সঞ্জীৱ ফুকনক সাংগঠনিক সম্পাদক হিচাপে লৈ ৬১ জনীয়া নতুন সমিতি গঠন কৰা হয়৷

সন্ধ্যা ৬ বজাত ‘সিন্ধু মুনিৰ পিতৃভক্তি, দশৰথ স্বৰ্গ উদ্ধাৰ’ ভাওনা উদ্বোধন কৰে মৰিয়ণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ তৃতীয় দিনা পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে ১ বজাৰ পৰা মুকলি সভা আৰু বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়৷ সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় সভাপতি ভদ্ৰেশ্বৰ ডেকাই সঞ্চালনা কৰা সভাখনৰ উদ্বোধন কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে৷

অসম সত্র মহাসভাৰ কাৰ্যকৰী সভাৰতৰ শ্ৰীশ্ৰী হৰিদেৱ গোস্বামী, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অভিজিৎ মহন্ত, উপসভাপতি দীপাংকৰ মহন্ত, অসম সত্র মহাসভাৰ পূব মণ্ডলৰ সম্পাদক দীপক বৰুৱা, সমন্বিত যুৱতীৰ্থ যোৰহাট জিলাৰ সভাপতি ধ্ৰুৱজ্যোতি বৰদলৈ প্ৰমুখ্যে বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰা অনুষ্ঠানত দিহানাম, বৰগীত, লোকগীত, দশাৱতাৰ নৃত্য আদি পৰিবেশন কৰে বিভিন্ন জিলাৰ পৰা অহা সাংস্কৃতিক দলসমূহে৷ সন্ধ্যা ৬ বজাত বটাঁ বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দিহানাম সম্ৰাটখ্যাত কমলা গগৈক গুৰু সাধনা বঁটা প্ৰদান কৰা হয়৷

সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে নেত্রকাই খ্যাত অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই৷ অসমৰ বহুসংখ্যক বিশিষ্ট শিল্পী-সাংস্কৃতিককৰ্মীয়ে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক নৃত্য-গীতৰ অনুষ্ঠানে অধিৱেশনখনিক অনন্য মাত্রা প্ৰদান কৰে৷


Leave A Reply