Breaking

গোলাঘাটত পুনৰ ২ জন ক’ভিড ৰোগীৰ মৃত্যু ; মুঠ ৯ জনলৈ বৃদ্ধি হ’ল ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ

0 2,039

গোলাঘাটত এইপৰ্যন্ত এক ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই। সমান্তৰালকৈ পুনৰ দুজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । জানিব পৰা মতে, গোলাঘাট মহিমা চাহ বাগিচাৰ ৪৪ বছৰীয়া এজন লোক ক’ভিডত আক্ৰান্ত হোৱাত আজি পুৱাতে ক’ভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও লগে লগে চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ।  আনহাতে গোলাঘাট বেঙেনাখোৱাৰ ৫৮ বছৰীয়া এগৰাকী মহিলা আজি পুৱা  মৃত্যু হয়। মহিলা গৰাকী বৃহস্পতিবাৰে নিশা ১০ বজাত ক’ভিড আক্ৰান্ত হোৱাত ক’ভিড চিকিৎসালয় ভৰ্তি কৰাইছিল যদিও চিকিৎসালয়তে মহিলাগৰাকীৰ আজি পুৱা সাত বজাত মৃত্যু হয়। গোলাঘাটত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হয়।সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি ৰাখি  প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জিলাখনত কালি দুটাকৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ক’ভিড  সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।কন্টেইমেন্ট জ’ন ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে ৰাজগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ,দক্ষিণে কাৰ্বি আংলং জিলাৰ দুৱাৰ বাগৰি মৌজা , পূবে বিহৰা চাহ বাগিচা আৰু পশ্চিমে লখৌজান চাহ বাগিচাক এই কন্টেইমেন্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ -প্ৰস্থানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।একেদৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰকো কন্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। উত্তৰে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ১ নং গেট ,দক্ষিণে পিটিচি তিনিআলিৰ সমীপৰ অসম আৰক্ষীৰ পুৰণা প্লেয়াৰ বেৰেক , পূবে কেন্দ্ৰৰ অধ্যক্ষৰ কাৰ্যালয় আৰু ফেমেলি লাইন কেম্পাছ আৰু পশ্চিমে ৰিক্ৰুইট ট্ৰেইনিং চেন্টাৰ চাৰিআলি কন্টেইমেন্ট জ’নৰ সীমা হিচাবে নিৰ্ধাৰণ কৰা হৈছে। অঞ্চলটোত অকৰ্তত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Leave A Reply