Breaking

শিৱসাগৰ জিলাৰ হাঁহচৰাত মটৰ পথ দুৰ্ঘটনাত আহত ২

0 81

নাজিৰা

 শিৱসাগৰ জিলাৰ হাঁহচৰা দয়াচাৰিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন এছ ০৪ আৰ ৫৫৩০ নম্বৰৰ বাজাজ পালছাৰ আৰু আনখন এছ ০৪ এন ৩৯১৩ নম্বৰৰ হিৰ হাংক মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তুলসী গগৈ আনজন ৰাজীৱ বৰা আহত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজীৱ বৰাক স্থানীয় ৰাইজে ততাতৈয়াকৈ শিৱসাগৰস্থিত অ’এনজিচি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনজন তুলসী গগৈক পৰিয়ালৰ লোকে খেলুৱাস্থিত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ নিয়ে। অৱশেষত ঘটনাস্থলীত চেৰেকাপাৰ আৰক্ষী উপস্থিত হৈ মটৰ চাইকেল কেইখন থানালৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু আঘাতপ্ৰাপ্ত দুইয়োজন যুৱকৰ অৱস্থাৰ বিষয়ে জানিবলৈ চিকিৎসালয়লৈ যায় বুলি জানিব পৰা গৈছে৷

Leave A Reply