Breaking

কলিয়াবৰত নগাঁও আৰক্ষীয়ে জব্দ কৰিছে ২০ কোটি টকাৰ হেৰ’ইন,এজন আটক

0 60

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ আন এক বৃহৎ অগ্ৰগতি৷ ৫ মাৰ্চত কলিয়াবৰৰ জখলাবন্ধাত নিশা অভিযান চলাই ১৮ কেজি হেৰ’ইন জব্দ কৰা হয়।

খবৰ অনুসৰি নাগালেণ্ডৰ পৰা হোণ্ডা চিটি গাড়ীত অনা হৈছিল এই ড্ৰাগছ। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী পৱন কলিতাৰ নেতৃত্বত চলা অভিযানত এই ড্ৰাগছখিনি জব্দ কৰে।

আৰক্ষীয়ে হোণ্ডা চিটিৰ বাহনখনৰ চালককো গ্ৰেপ্তাৰ কৰিছে। এই পৰ্যন্ত তেওঁৰ পৰিচয় প্ৰকাশ হোৱা নাই। পশ্চিম বংগত পঞ্জীয়নভুক্ত বাহনখনত যোগান ধৰা ড্ৰাগছৰ মূল্য চোৰাং বজাৰত ২০ কোটি টকাৰ ওপৰত হ’ব।

ইয়াৰ পূৰ্বেও ৪ মাৰ্চত বঙাইগাঁও ৰে’লৱে আৰক্ষীৰ এটা দলে দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইলৰ পৰা বঙাইগাঁও ৰে’ল ষ্টেচনত ১.৭২ কোটি (প্ৰায়) মূল্যৰ ড্ৰাগছৰ জব্দ কৰিছিল।

Leave A Reply