Breaking

সুৰা কেলেংকাৰীত ২০০০ কোটিৰ দুৰ্নীতি! কেইবাজনো ৰাজনৈতিক নেতা পৰ্দাৰ আঁৰত থকা বুলি ইডিৰ দাবী

0 55

কমেও ২ হাজাৰ কোটি টকাৰ দুৰ্নীতি। ছত্তীশগড়ৰ সুৰা দুৰ্নীতিৰ গোচৰৰ তদন্তৰ সময়ত এই দাবী বলবৎকাৰী সঞ্চালকালয়ৰ।

কংগ্ৰেছ নেতা তথা ৰায়পুৰৰ মেয়ৰ আইজাজ ধীবৰৰ ভাতৃ আনোৱাৰ ধীবৰক শনিবাৰে সুৰা দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে। ৰায়পুৰৰ এখন হোটেলত তালাচী চলাই থাকোতে পলায়নৰ চেষ্টা কৰে আনোৱাৰ। সেই সময়ত তেওঁক ইডিৰ বিষয়াই গ্ৰেপ্তাৰ কৰিছিল। ইডিৰ সূত্ৰৰ মতে, তেওঁক জেৰা কৰি একাধিক তথ্য লাভ কৰা হৈছে।

ইডিৰ সূত্ৰৰ উদ্ধৃতি দি একাধিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে, “মদ সৰবৰাহৰ আৰু আনুষংগিক আৰ্থিক প্ৰতাৰণাত অভূতপূৰ্ব দুৰ্নীতি সংঘটিত হৈছে।” এক বিবৃতিত ইডিয়ে দাবী কৰিছে যে ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ছত্তীশগড়ত বিপুল পৰিমাণৰ আবকাৰী শুল্কৰ সৈতে জড়িত দুৰ্নীতি সংঘটিত হৈছে। ইডিৰ বিষয়াসকলে কয়, ‘আনোৱাৰ এজন সাধাৰণ মানুহ। কিন্তু তেওঁৰ আঁৰত আছে কেইবাজনো ডাঙৰ ডাঙৰ নেতা আৰু আমোলা। এই দুৰ্নীতিত তেওঁলোকে সহযোগ কৰিছে।’ ইডিয়ে এক বিবৃতিত কয়, ‘ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে উলিয়ালে ধন।

২০২২ চনৰ মে’ মাহত আয়কৰ বিভাগে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এটা গোচৰৰ তদন্ত কৰিছিল। ইডিয়ে গোচৰটোৰ তদন্ত কৰি আবকাৰীৰ দুৰ্নীতিৰ কথা জানিব পাৰিলে। ছত্তীশগড়ত কয়লা সৰবৰাহৰ গোচৰৰ পিছত এই গোচৰত পুনৰ ডাঙৰ ডাঙৰ নাম আহিল।

চলিত বৰ্ষৰ মাৰ্চ মাহত ইডিয়ে ছত্তীশগড়ৰ কেইবাটাও স্থানত অভিযান চলাইছিল। আনোৱাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত ইডিয়ে দাবী কৰে যে তেওঁ এই সুৰা দুৰ্নীতি ছিণ্ডিকেটৰ অন্যতম নেতা। ইয়াৰ সৈতে ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ কোনোবা এজন বিষয়াৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

ছত্তীশগড় চৰকাৰে ৰাজ্যখনৰ সুৰা ব্যৱসায়ৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ৰ প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত।

Leave A Reply