Breaking

২,১০,২৩২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৰহা সমষ্টিৰ ৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত

0 2,257

বিগত পাঁচটা বছৰে বিজেপিৰ দখলত থকা নগাঁও জিলাৰ ৮২ নং ৰহা বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অভিযান অতিকৈ তুংগত উঠা দেখিবলৈ পোবা গৈছে ৷ ১ এপ্ৰিলত হব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মধ্য অসমৰ নগাঁও জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৰহা বিধানসভা সমষ্টি ৷ মুঠ ২,১০,২৩২ গৰাকী ভোটাৰ থকা ৰহা বিধানসভা সমষ্টিৰ মহিলা ভোটাৰকৈ পুৰুষ ভোটাৰৰ সংখ্যা অধীক আছে ৷ অনুসুচীত জাতি (sc) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হোবা সমষ্টিটোত পুৰুষ ভোটাৰ সংখ্যা ১,০৭,৬৯৩ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১,০২,৫৩৭ গৰাকী আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে ৷ সমষ্টিটোত এইবাৰ নিৰ্বাচনত মুঠ প্ৰাৰ্থী ৰূপে সাত জনে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ ইয়াৰ ভিতৰত এইবাৰ ৰহা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী হিছাপে অগপৰ বিষ্ণু দাসে প্ৰাৰ্থীত্ব লাভ কৰিছে ৷ কংগ্ৰেছ মহাজোটৰ পৰা শশীকান্ত দাসে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ অসম জাতীয় পৰিষদৰ পৰা উৎপল বনিয়া ৷ জনতা পাৰ্টিৰ পৰা মনি দাস ৷ নিৰ্দলীয় ৰূপে প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস,চিত্ৰলেখা দাস আৰু ৰুবুল দাসে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ৰহাত প্ৰথম অৱস্থাত বিজেপি মিত্ৰজোটৰ অগপ প্ৰাৰ্থী এগৰাকী নতুন মুখৰ প্ৰাৰ্থী বুলি বিষ্ণু দাসে প্ৰাৰ্থীত্ব লাভ কৰাত ৰহা বিজেপিৰ দলীয় নেতা কৰ্মী সকলৰ মাজত তীব্ৰ বিক্ষোভ সৃষ্টি হৈছিল যদিও বৰ্তমান যোৱা দেওবাৰে ৰহা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ অগপ প্ৰাৰ্থী জনৰ হৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী তথা নগাঁও লোকসভা সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই নিজে উপস্থিত হৈ প্ৰাৰ্থী জনৰ হৈ ৰাইজৰ মাজত প্ৰচাৰ চলোবাৰ পিছৰে পৰা বিজেপিৰ কৰ্মী তথা নেতা সকলৰ মাজত বিক্ষোভ বৰ্তমান নাইকিয়া হোৱা দেখা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ অলপতে ৰহালৈ আহিব বুলি জানিব পৰা গৈছে ৷  আনহাতে,কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী হিছাপে শশীকান্ত দাসে ৰহা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত ৰহা কংগ্ৰেছ কৰ্মীৰ মাজত ব্যাপক উৎসাহ- উদ্দীপনা দেখিবলৈ পোবা গৈছে ৷ বিগত চৈধ্য-পোন্ধৰ বছৰ ধৰি ৰহাত কংগ্ৰেছৰ হৈ কাম কৰি থকা শশীকান্ত দাসে যোৱা ১২ মাৰ্চত ৰহা সমষ্টিৰ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী হিছাপে নগাঁও উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ সময়ত মিত্ৰজোটৰ প্ৰাৰ্থীক তীব্ৰ প্ৰত্যাহ্বান জনাই যি বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰিলে তালৈ লক্ষ্য কৰিলে দেখা যায় ৰহাত মিত্ৰজোটৰ প্ৰাৰ্থীতকৈ বৰ্তমান প্ৰচাৰত কংগ্ৰেছৰ শশীকান্ত দাস যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে ৷ ৰহা সমষ্টিৰ পৰা পূৰ্বে অৰ্থাৎ ২০১১ চনৰ বিধানসভা  নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি জয়ী হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত বিশ্বস্ত, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম মন্ত্ৰী সভাৰ এগৰাকী অন্যতম মন্ত্ৰী, ৰাজ্যিক স্বাস্থ্য তথা নগৰ উন্নয়নৰ স্বতন্ত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ নিজৰ ৰাজনৈতিক জীৱনৰ প্ৰথমাবস্থাত ২০১১ চনত ৰহা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ ৫৬,৪৩০ টা ভোট লাভ কৰি জয়ী হবলৈ সক্ষম হৈ বিধায়ক হৈছিল পীয়ুষ হাজৰিকা ৷ নিজৰ বাকপটুতাৰ বলত পীয়ুষ হাজৰিকাই সেইবাৰ এ আই ইউ ডি এফ দলৰ হৈ নিৰ্বাচনত অৰ্ৱতীন হোৱা ২০০৬ চনৰ ৰহাৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসক পৰাজিত কৰিছিল ৷ সেইবাৰ গুনেশ্বৰ দাসে ৰহা সমষ্টিত লাভ কৰিছিল ৩৮,৪৪৭ টা ভোট ৷ ২০১১ চনত বৰ্তমানৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগত পৰাজয় বৰণ কৰা প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসৰ ভোটৰ ব্যৱধান আছিল ১৭,৯৮৩ টা ৷ কিন্ত, বিগত ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিছাপে শশীকান্ত দাসে মুঠ ৪৩,৮৬৭ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ৷ তেতিয়া বিজেপিৰ ডিম্বেশ্বৰ দাস জয়ী হৈ বিধায়ক নিৰ্বাচিত হৈছিল ৷ ২০১৬ চনত বিজেপিৰ ডিম্বেশ্বৰ দাসে লাভ কৰিছিল ৭৬,৯৪১ টা ভোট ৷ ডিম্বেশ্বৰ দাসৰ বিপৰীতে শশীকান্ত দাসে লাভ কৰা ভোটৰ ব্যৱধান আছিল ৩৩,০৭৪ টা ৷ আনহাতে,২০০৬ চনৰ বিধানসভা নিৰ্বাচনত নৱগঠিত এ ইউ ডি এফ দলৰ হৈ ৰহাৰ পৰামাত্ৰ ৩৮৭ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ আনন্দৰাম বৰুৱাক পৰাজিত কৰি বিধায়ক হৈছিল গুনেশ্বৰ দাস ৷ ২০০৬ চনত গুনেশ্বৰ দাসে লাভ কৰিছিল ৩২,৯৭২ টা ভোট আৰু কংগ্ৰেছৰ আনন্দৰাম বৰুৱাই লাভ কৰিছিল ৩২,৫৮৫ টা ভোট ৷ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসে বৰ্তমান এ উই ডি এফ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ২০২১ ৰ নিৰ্বাচনত ৰহা সমষ্টিৰ পৰা কংগ্ৰেছৰ মহাজোটৰ টিকত লাভৰ আশাত ৷ কিন্ত,কংগ্ৰেছৰ একাংশ প্ৰাক্তন মন্ত্ৰীৰ লবী কেন্দ্ৰীক ৰাজনীতিৰ বাবে গুনেশ্বৰ দাসে শেষ মুহুত্বত কংগ্ৰেছ দলৰ পৰা টিকত লাভ নকৰি সমষ্টিবাসী ৰাইজৰ দাবীত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰে ৷ অৱশ্যে, কংগ্ৰেছ দলৰ তৰফৰ পৰা গুনেশ্বৰ দাসৰ মনোনয়ন পত্ৰ উঠাই লোবা ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বতই যোগাযোগ কৰিছে যদিও তেওঁ বৰ্তমান সময়লৈকে মনোনয়ন উঠোবা- নোঠোবা বিষয়ক লৈ কোনো সিদ্ধান্ত লোবা নাই বুলি জানিব পৰা গৈছে ৷ যিহেতু প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসৰ ৰহা সমষ্টিত এটা সৱল স্থিতি আছে বৰ্তমান ভোটাৰ ৰাইজৰ মাজত ৷ দুখীয়াৰ বন্ধু ৰূপে পৰিচিত এই গৰাকী প্ৰাক্তন বিধায়কে সমষ্টি বিভিন্ন স্তৰৰ লোকৰ লগত দীৰ্ঘদিনৰ পৰা সুসম্পৰ্ক ৰক্ষা কৰি চলা বুলি বৰ্তমান সময়ত সমষ্টি বাসীৰ মাজত চৰ্চা লাভ কৰিছে ৷ সেইফালৰ পৰা এইগৰাকী প্ৰভাবশালী প্ৰাক্তন বিধায়কৰ বাবে ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোটৰ বৃহৎ ক্ষতি হোবাৰ সম্ভাৱনা আছে ৷ ইফালে,ৰহা সমষ্টিত এইবাৰ দুটা নতুন ৰাজনৈতিক দলে ভুমূকি মাৰিছে ৷ সমষ্টিটোত অসম জাতীয় পৰিষদ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰতিস্থিত অসমীয়া গহনাৰ এজন উদীয়মান যুৱ ব্যৱসায়ী উৎপল বনিয়াই ৷ অসমৰ এই থলুৱা অসমীয়া গহনাক বিশ্বদৰবাৰত চিনাকি কৰাৰ উদ্দেশ্য বহুকাম কৰি অহা এজন যুৱক উৎপল বনিয়াই ৰহা সমষ্টিৰ পৰা জাতীয় পৰিষদ দলৰ হৈ বৰ্তমান প্ৰচাৰ তুংগত কৰি তুলিছে ৷ ৰহা সমষ্টিৰ যুৱক সকলৰ মাজত অতিকৈ জনপ্ৰিয় ৰূপে পৰিচিত উৎপল বনিয়াই সমষ্টিটোৰ চুকেকোণে সুমাই নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰা গৈছে ৷ অন্যহাতে,জাতীয়তাবাদী কণ্ঠৰে দীৰ্ঘদিনৰ পৰা অসম অনুসুচীত জাতি মৰ্চাৰ এজন সক্ৰিয় কৰ্মী ৰুবুল দাসে এইবাৰ ৰহা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিছাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও পিছ মুহুত্বত তেওঁ নিৰ্দলীয় ৰূপে পুনৰ মনোনয়ন দাখিল কৰা কাৰ্যই ভোটাৰ ৰাইজৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সমষ্টিৰ ৰাইজৰ মাজত জাতীয়তাবাদী ভাৱ ধাৰাৰে প্ৰচাৰ কাৰ্য তুংগত তুলি ধৰিবলৈ সক্ষম হোবা এই গৰাকী প্ৰাৰ্থীয়ে ৰহা সমষ্টিৰ বিভিন্ন পিছপৰা  অঞ্চলত সুমাই প্ৰচাৰ কৰা দেখিবলৈ পোবা গৈছে ৷ সমান্তৰালভাৱে ৰহা সমষ্টিত বৰ্তমান জনতা পাৰ্টিৰ মনি দাস আৰু অন্যান্য নিৰ্দলীয় প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযানো তুংগত উঠা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা ৰহা সমষ্টিৰ বিভিন্ন সমস্যাৰাজি ক্ৰমে- উন্নত বাটপথ,পকী দলং,উন্নত স্বাস্থ্য সেৱা,কৃষি পথাৰত উন্নত ব্যৱস্থাৰে পানী যোগান,পৰিস্কাৰ বিশুদ্ধ খোৱা পানী ব্যৱস্থাকে ধৰি বহুকেইটা জলন্ত সমস্যা আছে ৷ যি স্বাধীনতাৰ ৭২ বছৰৰ পিছতো বৰ্তমান সম্ভৱ হৈ উঠা নাই ৷ যাতায়তৰ ক্ষেত্ৰত সমষ্টিটোৰ বহু পিছপৰা অঞ্চলৰ ৰাইজে এখন পকী দলংৰ অভাৱত শাকোৰেই দুৰ্বিষহ যাতায়ত অব্যাহত ৰাখিব লগা গৈছে ৷ প্ৰতি পাঁচ বছৰৰ মোৰত নিৰ্বাচন আছে আৰু যাই কিন্ত সাধাৰণ জনতাৰ এই সমস্যাবোৰ সমস্যা হৈয়ে থাকে ৷ নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে মনভোলোৱা কথাৰে প্ৰচাৰকাৰ্য চলাৱ যদিও, ৰহা সমষ্টিৰ ৰাইজে অহা ১ এপ্ৰিলত নিজৰ বহুমূলীয়া ভোট সাব্যস্ততৰে কেনে জনপ্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ সমষ্টিৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ নিৰ্মোল কৰে সেইয়া অহা ২ মে’ৰ নিৰ্বাচনৰ ভোটগণনাত স্পষ্ট হব ৷

Leave A Reply