Breaking

ওদালগুৰিত ২৩ নম্বৰ বেটিলিয়ানৰ উদ্যোগত অনুষ্ঠিত হোৱা বিউটিচিয়ান আৰু চিলাই প্ৰশিক্ষণৰ সামৰণি

0 86

যুৱ প্ৰজন্মই নিজে নিজে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি ল’ব পৰাকৈ এমাহ জোৰা বিনামূলীয়া বিউটিচিয়ান আৰু চিলাই প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে।

২৩ নম্বৰ (ব্যাটালিয়ন)এছ এছ বি লালপুল অসমৰ চিভিক এক্সছন প্রগ্ৰামৰ অন্তৰ্গত বিউটিচিয়ান আৰু চিলাইৰ‌ বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানৰ লগতে সৌৰ শক্তি চালিত স্ত্রিত লাইট, ডাছবিন, পানী শোধন কৰা যন্ত্ৰ আৰু খেলৰ সামগ্ৰী অনুষ্ঠানত বিতৰণ কৰা হয়।

ওদালগুৰিৰ কাল্চাৰ ভৱনত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠান খনত বেজপাৰা ছেক্তৰ হেড কোৱাৰ্টৰৰ পৰা অহা ডি আই জি এন্থনি থানমিয়ে মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকি সকলোকে অভিনন্দন জনোৱাৰ লগতে এছ এছ বিয়ে ৰাইজৰ হৈ কৰি থকা বিভিন্ন সামাজিক কাম কাজৰ বিষয়ে অৱগত কৰে ৰাইজক।

লালপুলস্থিত ২৩ নম্বৰ বেটিলিয়ানৰ কমাণ্ডেণ্ট অফিচাৰ প্ৰভিন কুমাৰ,আৰু কমাণ্ডেণ্ট ভোলানাথ যাদৱ ৰাইজৰ সুবিধাৰ্থে ওদালগুৰি জিলাৰ অন্তৰ্গত বিভিন্ন ক্লাব, বিদ্যালয়ৰ‌ গাঁওবুঢ়া আৰু সমুদায়ৰ নেতা সকলক খেলৰ সামগ্ৰী, ডাষ্টবিন,পানী ফিল্টাৰ আৰু সৌৰ শক্তি চালিত লাইট ৰাজহুৱা স্থানত ব্যবহাৰ কৰাৰ কাৰণে প্ৰদান কৰে।

প্ৰশিক্ষণৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটোত নেহৰু যুব কেন্দ্ৰ ওদালগুৰিৰ ডেপুটি ডিৰেক্টৰ শেখৰ দেৱ, বিশিষ্ট সমাজসেৱক সুনীল বসুমতাৰী, শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া,এম আৰ এছ ডি এনজিঅ ৰ অধ্যক্ষ মিলন দাসৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক, গাওঁ বুঢ়া আৰু সমুদায়ৰ নেতা আৰু যুৱক যুৱতী সকলে অংশগ্ৰহণ কৰে।

Leave A Reply