Breaking

বসন্ত স্মৃতি সংস্থানৰ উদ্যোগত কবি বসন্ত নেপালৰ ২৩ সংখ্যক স্মৃতিচাৰণ সভা

0 2,019

 বসন্ত স্মৃতি সংস্থানৰ উদ্যোগত কবি বসন্ত নেপালৰ ২৩ সংখ্যক স্মৃতিচাৰণ সভা আজি বিশ্বনাথৰ বুঢ়ীগাং বালিপুখুৰীস্থিত বসন্ত স্মৃতি সংস্থানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সংস্থানৰ সম্পাদক নাৰায়ণ পৌৰেলে আঁত ধৰা এই অনুষ্ঠানত সভাপতিত্ব কৰে হৰি উপাধ্যায়ে। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ ভক্ত প্ৰসাদ গৌতমে উদেশ্যে ব্যাখ্যা কৰাৰ পিচত ডঃ সঞ্জীব উপাধ্যাযয়ে বসন্ত স্মৃতি সংস্থানৰ চমু পৰিচয় দাঙি ধৰি সংস্থানৰ লক্ষ আৰু উদেশ্যে বিষয়ে অৱগত কৰাৰ লগতে বিগত সময়ত সম্পাদন কৰা সাহিত্যিক কাৰ্য্যৰ বিষয়ে বিস্তৃতভাবে অৱগত কৰে। এই অনুষ্ঠানত বিশিষ্ট লেখক পৰশুৰাম ছেত্ৰীৰ “জনকবি হৰিভক্ত কটুৱাল অনন্য সাহিত্য যাত্ৰা” উন্মোচন কৰে ২০২০ চনৰ সাহিত্য অকাডেমি পুৰষ্কাৰ পাবলৈ সক্ষম প্ৰবন্ধকাৰ অঞ্জন বাচকোটাই। ইয়াৰ লগতে “পূৰ্বোদয়” পত্রিকার প্ৰস্তাৱনা সংখ্যা উন্মোচন কৰে প্ৰবীণ সাহিত্যিক, কবি টিকাদান উপাধ্যায় নিৰ্ভীকে আৰু বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ ক্ষেমানন্দ নেপাল বিৰচিত “শিলালিপিৰ পৰা ই-লিপিলৈ” গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই। এই অনুষ্ঠানত কণ্ঠশিল্পী মিলন অধিকাৰীয়ে গীত আৰু শিশু শিল্পী যশপাল পৌৰেলে নৃত্য,ডঃ তিলক শৰ্মা ই গীত, পৰিবেশন কৰাৰ উপৰিও ডঃ ভক্ত প্ৰসাদ গৌতমে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজিৰ এই অনুষ্ঠানত ডঃ নাৰায়ণ উপাধ্যায়, কুমাৰ পোখ্ৰেল, জ্যেষ্ঠ সাংবাদিক ভূবন লুইটেল, জ্ঞান পাণ্ডে, দেবী প্ৰসাদ উপাধ্যায়, সেৱক শৰ্মা, বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ নব নিৰ্বাচিত সভাপতি হেম কুমাৰ গৌতম, অধিবক্তা প্ৰাঞ্জল উপাধ্যায়, গোৰ্খা উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি লোকনাথ উপাধ্যায় প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পুর্বোদয় পৰিয়ালৰ সন্পাদকদ্বয় কুমাৰ পোখ্রল,লক্ষীকান্ত শৰ্মা,অতিথি সম্পাদক ড.সণ্জীৱ উপাধ্যায়,আইন উপদেষ্টা প্রাণ্জন উপাধ্যায়,বিজ্ঞাপন সচিব ভুবন লুইটেল,প্রচলন সচিব গোপাল চেত্রী,মুখ্যউপদেষ্টা ড.ক্ষেমৰাজ নেপাল,উপদেষ্টা হৰি লুইটেল উপস্হিত থাকে !

Leave A Reply