Breaking

“বাল্য বিবাহৰ অভিযানত ২৪৪১জন ব্যক্তিক আটক”: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 140

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা অনুসৰি ৰাজ্যত বাল্য বিবাহৰ অভিযান চলি থকাৰ সময়তে সমগ্ৰ ৰাজ্যজুৰি মুঠ ২৪৪১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

”এতিয়ালৈকে মুঠ গ্ৰেপ্তাৰ – ২৪৪১।অসমত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে।

৫ ফেব্ৰুৱাৰীলৈকে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ সৈতে জড়িত ৪০৭৪ টা গোচৰৰ ২২৭৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে৷

বিশ্বনাথত ১৩৯ জন, বৰপেটাত ১৩০ জন, ধুবুৰীত ১২৬ জন, বাকছাত ১২৩ জন, বঙাইগাঁৱত ১১৭ জন, নগাঁৱত ১০১ জন, কোকৰাঝাৰত ৯৪ জন, কামৰূপত ৮৫ জন, গোৱালপাৰা আৰু উদালগুৰি জিলাত ৮৪ জনকৈ বাল্য বিবাহ সম্পৰ্কীয় ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে অসমৰ ধুবুৰী জিলাত বাল্য বিবাহৰ গোচৰত ৰুজু হোৱা মুঠ ১১১জন লোকক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

বাল্য বিবাহৰ সৈতে জড়িত মুঠ ১২৬ জন লোকক ৪ ফেব্ৰুৱাৰীত আদালতত হাজিৰ কৰা হৈছিল আৰু তাৰ পিছত আদালতে ১১১ জন দোষীক কাৰাদণ্ড বিহে।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে আদালতত দাখিল কৰা ১২৬ জনৰ ভিতৰত ১৫জনক দুদিনৰ জিম্মাত দিয়া হৈছে।

ইয়াৰ মাজতে বাল্য বিবাহৰ সৈতে জড়িত থকাৰ সন্দেহত অসমৰ ধুবুৰী জিলাত গ্ৰেপ্তাৰ হোৱা বাকী ১১১জন দোষীক কাৰাদণ্ড বিহা হয়।

মন কৰিবলগীয়া যে অসম আৰক্ষীয়ে ৪ ফেব্ৰুৱাৰীলৈকে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহ সম্পৰ্কীয় গোচৰৰ সৈতে জড়িত ২,২৫৮ জন ব্যক্তিক আটক কৰি ৰাখিছিল।

১৩৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে বিশ্বনাথ জিলাত সৰ্বাধিক লোকক আটক কৰা হৈছে। আনহাতে, ডিব্ৰুগড় জিলাত আটাইতকৈ কম গ্ৰেপ্তাৰ হৈছে, মাত্ৰ ৬ জন।

Leave A Reply