Breaking

কুমাৰীকাটাত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

0 2,024

সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । দিনযোৰা কাৰ্যসূচীৰে কুমাৰীকাটাৰ বাঁহবাৰী আদৰ্শ বিদ্যা নিকেতনৰ খেল পথাৰত অনুষ্ঠিত হয় । তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু দৰঙ্গাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা পতাকা উত্তোলনেৰে সদৌ বিটিচি ধৰ্মীয় সংখালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে কাৰ্যসূচীৰ পাতনি মেলে । ৯-৩০ বজাত শ্বহীদ তৰ্পন কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কাৰ্যকৰী সভাপতি ফজৰ আলী আহমেদে । আবেলি ২ বজাত  আব্দুল আৱাল মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। কেন্দ্ৰীয় ইউপিপিএলৰ নেতা মুজিব আলি আহমেদে আঁত ধৰা সভাখন উদ্বোধন কৰে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ আজিজুৰ ৰহমানে । ভাষণত তেওঁ কয় ধৰ্মীয় সংখ্যালঘু পৰিষদ অৰাজনৈতিক সংগঠন হিচাপে জন্ম লাভ কৰিছিল । এই সংগঠনটোৰ উদ্দেশ্য আছিল বিটিচি অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘূ জনসাধাৰণৰ সৰ্বস্তৰৰ উত্তৰণ ঘটোৱা । তেওঁ পুনৰ কয় যে শিক্ষাৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘু লোকসকল যথেষ্ট পিছ পৰা । সেয়েহে সংখ্যালঘু পৰিষদে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । বিটিআৰ অঞ্চলৰ সংখ্যালঘু লোকসকলৰ শৈক্ষিক উত্তৰণ হবই লাগিব । সংখ্যালঘু লোকসকলৰ অৰ্ধাংশৰো যদি শৈক্ষিক উন্নয়ন হয় তেতিয়াহলে আৰ এম চিৰ উদ্দেশ্য কিছু সফল হোৱা বুলি গণ্য হ’ব । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় মই এজন পৰিপক্ক ৰাজনীতিক নহয় । মই বাধ্যত পৰিহে ৰাজনীতি কৰিবলৈ আহিছোঁ । বিটিআৰ পৰিষদে সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ এটা সুকীয়া বিভাগ আনিছে । বিগত দিনত বিটিচি প্ৰশাসনে সংখ্যালঘু লোক সকলৰ উন্নয়নৰ বাবে কোনো কাম নকৰিলে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । কিন্তু সম্প্ৰতি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছে । প্ৰসংগক্ৰমে তেওঁ কয় যে সকলোৱে জাতিৰ নেতা হব নোৱাৰে । নেতাই জাতিৰ বাবে কাম কৰিলেহে জাতিৰ নেতা হব পাৰে । ধৰ্ম কৰি  স্বৰ্গত বাস কৰিব পাৰে কিন্তু ধৰ্মক লৈ কোনেও ৰাজনীতি কৰিব নালাগে । সভাত তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী , বিশিষ্ট সমাজকর্মী মইনুল হক চৌধুৰী , তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাৰ্জাৰী , প্ৰাক্তন এবছু নেতা জলেন দৈমাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে ছৰিফ আলিক সভাপতি আৰু আলাউদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ ,জনীয়া তামুলপুৰ জিলা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

Leave A Reply