Breaking

৫ ফেব্ৰুৱাৰীত ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি

0 2,072

আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষাবিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণৰ লগতে বিভিন্ন পৰ্যায়ত অভিলেখসংখ্যক শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।

৫ ফেব্ৰুৱাৰীত সৰুসজাইত বৃহৎ নিযুক্তি সমাৱেশ অনুষ্ঠিত কৰি অভিলেখসংখ্যক ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। এই সকলৰ ভিতৰত নতুনকৈ নিযুক্তি দিয়া হ’ব ১৩২১৭ গৰাকী শিক্ষকক। নিযুক্তি দিয়া সকলৰ ৪,৪৯৩ গৰাকী হ’ব প্ৰাথমিক টেট শিক্ষক আৰু ২১৩৯ গৰাকী উচ্চ মাধ্যমিক টেট শিক্ষক। নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ তালিকা প্ৰকাশ কৰা হ’ব ৪ ফেব্ৰুৱাৰীত ।

সংবাদমেলত ১৬৯৮ খন প্ৰাথমিক বিদ্যালয় আৰু ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৰণৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰাদেশীকৰণৰ ফলত প্ৰাথমিক পৰ্যায়ত ৩,৩০৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপকৃত হোৱাৰ লগতে মাধ্যমিক পৰ্যায়ত উপকৃত হ’ব ৬,৫৮৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী। 

কেৱল সেয়াই নহয় মহাবিদ্যালয় প্ৰাদেশীকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ ৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ ফলত ৬৯৩ গৰাকী অধ্যাপক উপকৃত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ২৬৬খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাদেশীকৰণৰ কথা ঘোষণা কৰা হয় সংবাদমেলত। পূৰ্বে প্ৰাদেশীকৰণ হোৱা বিদ্যালয়ৰ ৪,৯৯৬জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ’ব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। 

সংবাদমেলত শিক্ষকৰ বাবে আন এক বিশেষ সুবিধাৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকসকলে ১০ দিন চাকৰি কৰি অৱসৰ ল’লেও গ্ৰেচুইটি দিয়াৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ১০ লাখ টকা দিয়া হ’ব বুলিও উল্লেখ মন্ত্ৰীগৰাকীৰ। লগতে নিযুক্তিৰ ১২ বছৰলৈ শিক্ষকসকলে বিদ্যালয় বদলি কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply