Breaking

৩-৫ লাখ মানুহে CAAৰ অধীনত নাগৰিকত্ব বিচৰাৰ সম্ভাৱনা…

0 26

৩-৫ লাখ মানুহে CAAৰ অধীনত নাগৰিকত্ব বিচৰাৰ সম্ভাৱনা! অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত CAAৰ অধীনত প্ৰায় তিনি-পাঁচ লাখ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰে বুলি কয়। তেওঁ কয় যে আবেদনকাৰীসকলৰ ভিতৰত কেৱল সেইসকলহে থাকিব যিসকলক উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ দিয়া হৈছিল।

লগতে তেওঁ কয় যে এন আৰ চিৰ তালিকাৰ পৰা ৭ লাখ মুছলমান আৰু ৫ লাখ হিন্দু-বঙালী বাহিৰ হ’ল৷ “বহু হিন্দু-বঙালী বিভিন্ন সময়ত আহি শৰণাৰ্থী শিবিৰত থাকিছিল। এন আৰ চিত অন্তর্ভুক্তিৰ বাবে আৱেদন কৰাৰ সময়ত এনে শিবিৰত থকাৰ প্রমাণ হিচাপে ষ্টাম্পযুক্ত কাগজ দাখিল কৰিছিল৷ কিন্তু, প্রতীক হাজেলাই (এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক) কাগজখন মানি লোৱা নাছিল৷

ফলত বহু হিন্দু-বাঙালীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল বুলি এক সাক্ষাৎকাৰত শৰ্মাই কয়। এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা ৫ লাখ হিন্দু-বাঙালীৰ ভিতৰত বহুতেই নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ৰ অধীনত আবেদন দাখিল কৰিব যদিও আন বহুতে আইনী আশ্ৰয় ল’ব বুলিও তেওঁ কয়।

Leave A Reply