Breaking

বেবজীয়াত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক…

0 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। এনে অভিযানৰ মাজতে ধাৰাবাহিকভাৱে ভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ দ্ৰব্য।

বেবেজীয়াৰ মনজিৎ শৰ্মা নামৰ এজন লোকৰ ঘৰ ভাড়ালৈ লৈ এক চক্ৰই চলাই আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা। আৰক্ষীৰ অভিযান কালত জব্দ কৰিছে ৫১ টাকৈ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।

এক গোপন খবৰৰ ভিত্তিত বেবেজীয়া আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে চলোৱা এই অভিযানত আটকা হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে বিজয় দাস,পাপু বৰা আৰু অনিৰ্বাণ ডেকা।

Leave A Reply