Breaking

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

0 30

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যুগে যুগে আদিবাসী সকলক চৰকাৰে বঞ্চনা কৰি আহিছে।‌‌ ২০১৯ চনত আদিবাসী সকলক জনজাতি কৰণৰ বাবে আদেশ জাৰী কৰিছিল যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

চৰকাৰে আদিবাসী সকলক নিৰ্বাচনৰ আগে আগে বহুতো আশ্বাস দিয়ে। নিৰ্বাচনৰ পিছত আদিবাসী সকলৰ সকলো সমস্যা সমাধান নকৰি এক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে আদিবাসী নেতাজনে। আদিবাসী সম্প্ৰদায়ৰ নেতা পল্লব লোচন দাসে সাংসদ হোৱাৰ পিছতো কোনো কাম নকৰা বুলি অভিহিত কৰি আদিবাসী নেতাজনে কয় যে সাধাৰণ লোকৰ সমস্যা সমাধান কৰি প্ৰকৃততে ৰাইজৰ প্ৰতিনিধি হ’বলৈ আহ্বান জনায়। আদিবাসী সকলক জনজাতি প্ৰদান কৰক, আমাক ভূমি পট্টা প্ৰদান কৰক, আমাক ন্যায় লাগে আদি ধ্বনিৰে আকাশ মুখৰিত কৰি তোলে। আজিৰ এই কাৰ্যসূচীত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত ওৰাং, সদৌ চান্থাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চাইমন কিস্কু, আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ আহ্বায়ক বোয়েল হেমব্ৰম আদি উপস্থিত থাকে।

Leave A Reply