Breaking

অভি-নীল হত্যাকাণ্ডৰ ৩ বছৰ: আজিও ন্যায়ৰ অপেক্ষাত পিতৃ-মাতৃ

0 2,042

৮ জুন দিনটোৱে ৰাজ্যবাসীক পুনৰ সোঁৱৰাই দিলে ডকমকা কাণ্ডৰ সেই শিহৰণকাৰী অধ্যায়ৰ। দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডই আজি তিনি বছৰ সম্পূৰ্ণ কৰিলে। আজিও ন্যায়ৰ অপেক্ষাত অভি-নীলৰ দুয়োটা দুৰ্ভগীয়া পৰিয়াল। ২০১৮ চনৰ আজিৰ দিনটোতে কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল মানৱ জাতিক লজ্জানত কৰা সেই হত্যাকাণ্ডৰ। যি হত্যাকাণ্ডই দেশৰ লগতে বিদেশতো জোকাৰণিৰ সৃষ্টি কৰিছিল। কাংঠি লাংছু জলপ্ৰপাতৰ পৰা উভতি অহাৰ সময়ত মাজবাটতে এদল লোকে আগচি ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল দুজন নিৰ্দোষী যুৱকক। আক্ৰমণকাৰীৰ কৱলৰ পৰা জীৱনৰক্ষাৰ বাবে জনোৱা কাতৰ আহ্বানৰ ভাইৰেল ভিডিঅ’ই জোকাৰি গৈছিল সমগ্ৰ মানৱ জাতিক। সোপাধৰাৰ সন্দেহতেই যুৱকদ্বয়ক হত্যা কৰা হৈছিল বুলি স্বীকাৰ কৰিছিল হত্যাকাৰীৰ দলে। কিন্তু আজিও ন্যায় নাপালে দুৰ্ভগীয়া নিলোৎপল দাস আৰু অভিজিৎ নাথে। ন্যায়ৰ আশাত আজিও বন্দী দুয়োৰে পিতৃ-মাতৃ তথা পৰিয়াল।

Leave A Reply