Breaking

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…

0 212

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণঃ ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস

দিনটো আছিল ১৯৯২ চনৰ ৬ ডিচেম্বৰ । ৩১ বছৰ পূৰ্বে এই দিনটোতে অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। বাবৰি মছজিদ ধ্বংসৰ পিছতে দেশত জ্বলি উঠিছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই। নিদহত হৈছিল বহু লোক। বাবৰি মছজিদৰ বিতৰ্ক ১৯৯০ ৰ দশকতে আৰম্ভ হোৱা নাছিল। এই বিবাদ তাৰো বহু আগতে আৰম্ভ হৈছিল। চিপাহী বিদ্ৰোহৰ চাৰি বছৰ পূৰ্বে বাবৰি মছজিদক লৈ হোৱা প্ৰথম বিবাদ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। বাবৰি মছজিদ ধ্বংস হোৱাৰ ৩১ সংখ্যক বৰ্ষত এই বিবাদৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো আহক-

১. উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰথম মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত ১৫২৭ খ্ৰীষ্টাব্দত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি বহুতে দাবী কৰে। মছজিদটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। যদিও হিন্দুসকলে দাবী কৰি আহিছে যে এয়া ৰাম জন্মভূমি আছিল আৰু ইয়াত ভগৱান ৰামৰ এটা মন্দিৰ আছিল।

২) ১৮৫৩ চনত চিপাহী বিদ্ৰোহৰ চাৰি বছৰ পূৰ্বে এই মছজিদকলৈ প্ৰথম ধৰ্মীয় বিবাদ আৰম্ভ হৈছিল।

৩) ছবছৰৰ পিছত ধৰ্মীয় বিবাদ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে বিতৰ্কিত মছজিদটো ঘেৰি পেলাইছিল। সেই সময়তে মুছলিম সম্প্ৰদায়ক ভিতৰৰ অংশত আৰু হিন্দু সম্প্ৰদায়ক বাহিৰৰ অংশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল। প্ৰায় নব্বৈ বছৰ ধৰি সকলো কথা তেনেদৰেই চলি আছিল।

৪. স্বাধীনতাৰ তিনি বছৰ পিছত ১৯৪৯ চনত সেই মছজিদৰ ভিতৰত ৰামৰ এটা মূৰ্তি পোৱা গৈছিল বুলি বহুতে দাবী কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঘটনাটোৱে সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰিছিল। দুয়োটা সম্প্ৰদায়ে বিষয়টোক লৈ আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈছিল। কেন্দ্ৰীয় চৰকাৰে স্মাৰকটো চিৰদিনৰ বাবে বন্ধ কৰি দিছিল। ইয়াক এক বিতৰ্কিত স্থান বুলি লেবেল লগাই দিয়া হৈছিল।

৫. ১৯৮৪ চনত বাবৰি মছজিদৰ ইতিহাসত এক নতুন অধ্যায় যোগ হয়। সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত ৰাম মন্দিৰ সমিতি গঠন কৰা হৈছিল। এই সমিতিয়ে ভগৱান ৰামৰ জন্মস্থানক মুক্ত কৰাৰ আহ্বান জনাইছিল। বিজেপি নেতা এল কে আদৱানীয়ে এই আন্দোলনক অধিক গতি দিছিল।

৬. ঠিক দুবছৰৰ পিছত জিলা আদালতৰ ন্যায়াধীশে হিন্দুসকলৰ উপাসনাৰ বাবে বিতৰ্কিত স্থানৰ দুৱাৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশৰ এঘণ্টাৰ ভিতৰতে গেট খোলা হ’ল। ঘটনাটোত ক্ষুব্ধ হৈ মুছলমান সম্প্ৰদায়ৰ সদস্যসকলে বাবৰি মছজিদ কাৰ্য সমিতি গঠন কৰে।

৭.তিনি বছৰৰ পিছত ১৯৮৯ চনত বিশ্ব হিন্দু পৰিষদে এটা অভিযান আৰম্ভ কৰে। ৰাম মন্দিৰৰ আধাৰশিলা বিতৰ্কিত গাঁথনিৰ কাষৰ ভূমিত স্থাপন কৰা হয়।

৮. পৰৱৰ্তী বছৰত বিশ্ব হিন্দু পৰিষদৰ সদস্য আৰু সমৰ্থকসকলে বিতৰ্কিত গাঁথনিৰ ওপৰত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়ত গম্বুজটো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে কৰ সেৱকসকলৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ দিয়ে।

৯.এবছৰৰ পিছত উত্তৰ প্ৰদেশত বিজেপি ক্ষমতালৈ আহে। কেন্দ্ৰত তেতিয়া আছিল কংগ্ৰেছ।

১০) ডিচেম্বৰ ৬, ১৯৯২। ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। ভিএইচপি, বিজেপি আৰু শিৱসেনাৰ সমৰ্থকসকলে বাবৰি মছজিদৰ বিতৰ্কিত গাঁথনি ধ্বংস কৰে। ফলত ৰক্তক্ষয়ী সংঘৰ্ষ আৰম্ভ হয়। সংঘৰ্ষত ২,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

১১. ১৯৯৮ চনত কেন্দ্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহে। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল।

১২.চাৰি বছৰৰ পিছত বাজপেয়ীয়ে তেওঁৰ কাৰ্যালয়ত এটা অযোধ্যা কোষ স্থাপন কৰে।

১৩. ভিএইচপিয়ে একে বছৰৰ মাৰ্চৰ ভিতৰত মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰাৰ ওচৰত সবৰমতী এক্সপ্ৰেছত জুই লগাত ৫৮ জন কাৰ সেৱক নিহত হয়। তিনি দিনৰ ভিতৰতে গোধৰাক লৈ দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সংঘৰ্ষত বহু লোকৰ মৃত্যু হৈছিল।

১৪. এলাহাবাদ উচ্চ ন্যায়ালয়ে বিতৰ্কিত গাঁথনিটো সন্দৰ্ভত এটা গোচৰৰ শুনানি আৰম্ভ কৰিছিল।

১৫. পৰৱৰ্তী বছৰৰ জানুৱাৰী মাহত আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক বিতৰ্কিত গাঁথনিটোৰ ভিতৰত ৰাম মন্দিৰৰ অস্তিত্ব আছে নে নাই জানিবলৈ এটা জৰীপ চলোৱাৰ নিৰ্দেশ দিছিল।

১৬. ২০০৩ চনৰ আগষ্ট মাহত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জনাইছিল যে মছজিদৰ তলত এটা ৰাম মন্দিৰ আছে। প্ৰতিবেদনখনক মুছলিম আইন পৰিষদে প্ৰত্যাহ্বান জনাইছিল।

১৭. দুবছৰৰ পিছত কেইবাজনো ইছলামিক সন্ত্ৰাসবাদীয়ে নিৰ্মাণাধীন ৰাম মন্দিৰৰ স্থানত জীপ ভৰ্তি বিস্ফোৰক সামগ্ৰীৰে আক্ৰমণ চলাইছিল। সেনাই সকলো সন্ত্ৰাসবাদীকে হত্যা কৰিছিল।

১৮) ছেপ্টেম্বৰ ২০১০। অযোধ্যাৰ ইতিহাসত আন এটা অধ্যায় যোগ হৈছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰিছিল। আদালতে আদেশ দিছিল যে বিতৰ্কিত গাঁথনিটো তিনিটা ভাগত বিভক্ত কৰা হ’ব। এটা অংশ উত্তৰ প্ৰদেশৰ চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ডক আৰু বাকী দুটা নিৰ্মোহী আখাৰা আৰু ৰাম লাল্লা সমিতিক দিয়া হ’ব। ফলত গাঁথনিটোৰ কৰ্তৃত্ব হিন্দুসকলৰ ওচৰলৈ যায়। মুছলমানসকলক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাই এই ৰায়ক প্ৰত্যাহ্বান জনাইছিল। সেই বছৰৰ ডিচেম্বৰত অখিল ভাৰতীয় হিন্দু মহাসভা আৰু চুন্নী ৱাকফ বোৰ্ডে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল।
১৯. পৰৱৰ্তী বছৰৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰত্যাখ্যান কৰে।

২০. এক দীঘলীয়া পৰিক্ৰমাৰ পিছত, উচ্চতম ন্যায়ালয়ে ৯ নৱেম্বৰ ২০১৯ত চূড়ান্ত ৰায় দিয়ে। ৰায়ত কোৱা হয় যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ২.৭৭ একৰ বিতৰ্কিত ভূমি দিয়া হ’ব। উত্তৰ প্ৰদেশ চুন্নী ৱাকফ বোৰ্ডে এটা মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি লাভ কৰিব। ফলত সেই স্থানত এতিয়া ৰাম মন্দিৰ নিৰ্মাণ হৈ উঠিছে। সেই মন্দিৰ অহা বছৰৰ ২২ জানুৱাৰীত মুকলি কৰা হ’ব।

Leave A Reply