Breaking

এৰাবাৰীত টংলা আঞ্চলিক বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিবেশন

0 107

বাথৌ হৈছে বড়ো জনগোষ্ঠীৰ মূল ধৰ্ম,এই ধৰ্মৰ জৰিয়তে জাতিটোৰ পৰিচয় অটুট আছে।’ধৰ্মই মানুহক আত্মশুদ্ধী কৰে।বাথৌ ধৰ্মৰ মূলত পাঁচটা থাল আছে,অতীতৰ পৰা বড়ো সকলে প্রকৃতিক পূজা অৰ্চনা কৰি আহিছে ক্ৰমে মাটি, পানী, বতাহ, জুই আৰু আকাশ,যিয়ে বস্তু মানৱ জীৱনত জীয়াই থকাৰ মূল কেন্দ্ৰ বিন্দু’ এই কথা আজি টংলা আঞ্চলিক বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ব্যক্ত কৰে ওদালগুৰি জিলা বাথৌ মহাসভাৰ মুখ্য আচাৰী গহীন চন্দ্ৰ বড়োই।ওদালগুৰি জিলাৰঅন্তৰ্গত টংলা আঞ্চলিক বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিবেশন খনি আজি জলাহ এৰাবাৰী গাঁৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

এৰাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অধিবেশন খনিৰ কাৰ্যসূচী মতে পুৱাৰ ভাগত মন্দিৰৰ পূজা আৰম্ভৰ পাছতে ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে টংলা আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি গৌৰী চন্দ্ৰ বড়োয়ে।

Leave A Reply