Breaking

নাজিৰা মাদুৰিত ৩৪৪ সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱস পালন।জয়মতীৰ জন্মস্থান মাদুৰিত লোকে লোকাৰণ্য, মুকলি সভাৰ কাৰ্য্যসূচীত উপস্হিত মন্ত্ৰী পিয়ুষ হাজৰিকা…

0 72

শিৱসাগৰৰ নাজিৰা মহীয়সী জয়মতীৰ জন্মস্থান মাদুৰিত ৩৪৪ সংখ্যক জয়মতীৰ স্মৃতি দিৱস পালন কৰা হয় । লোকে লোকাৰণ্য মাদুৰিৰ জয়মতী স্মৃতি ক্ষেত্ৰ । দুদিনীয়া ভাৱে আয়োজিত স্মৃতি ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিল। য’ত অসম চৰকাৰৰ আহোম জনগোষ্ঠী উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত জয়মতী স্মৃতি দিৱস স্থায়ী সমিতি, বৃহত্তৰ মাদুৰি, মেছাগড় আৰু মঠিয়াছিগাবাসী ৰাইজ তথা জাতীয় সংগঠন সমূহৰ সহযোগত কেন্দ্ৰীয় ভাৱে জয়মতীৰ স্মৃতি দিৱস উদ্‌যাপন কৰা হ’ল।

দ্বিতীয় দিনা পিঠাপনা প্ৰতিযোগিতা আৰু মুকলি সভাৰ কাৰ্য্যসূচীত উপস্থিত হয়হি মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী যোগেন মহন অাৰু বিধায়ক সুশান্ত বৰগোঁহাইকে আদি কৰি অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়ক উপস্থিত থাকে । এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পিয়ুষ হাজৰিকাই ১৩ বিঘাকৈ মাটিত জয়মতীৰ স্মৃতি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে ।

Leave A Reply