Breaking

কামৰ সন্ধানত নেপাললৈ গৈ দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয়ক উদ্ধাৰ…

0 34

কাম বিচাৰি নেপাললৈ গৈ কাম নাপাই দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয় লোকক নেপাল আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতক গটাই দিছে। জানিব পৰা মতে নেপালৰ ইটাভাটাত কাম কৰাৰ বাবে গৈছিল ভাৰতীয় লোক কেইজন।

উদ্ধাৰ কৰা ৩৮ গৰাকী ভাৰতীয়ৰ ভিতৰত মহিলা আৰু শিশুও আছে। নেপাল আৰক্ষীৰ মতে নেপালৰ ৰাউতাহাট অঞ্চলৰ ইটাভাটাত কাম কৰিবলৈ লোককেইজনে ভাৰতৰ পৰা গৈছিল ৷

উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।তেওঁলোকৰ ভিতৰত ২০ জন পুৰুষ আৰু ১৮ টা শিশু তথা মহিলা আছে। কিছুদিন ধৰি তেওঁলোকক ইটা ভাটাটোত কাম কৰিবলৈ দিয়া হোৱা নাছিল।ৰাউতাহাটৰ উপ আৰক্ষী অধীক্ষকে কয় যে ভাৰতীয় লোককেইজনক সুকলমে উদ্ধাৰ কৰা হৈছে।

তেওঁ লগতে কয় যে উদ্ধাৰ কৰা ভাৰতীয়সকলৰ প্ৰয়োজনীয় কাগজপত্ৰ পৰীক্ষা কৰাৰ পিছত বিহাৰৰ সীতামাঢ়ী জিলাৰ বৈৰগনিয়াত সশস্ত্ৰ সীমা বলৰ হাতত গটাই দিয়া হয়।

Leave A Reply