Breaking

নতুন দিল্লীত এন ডি এৰ ৩৮ টা মিত্ৰদলৰ বৈঠক

0 57

৩৮ টা দলৰ নেতাই মঙলবাৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ বৈঠকত যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে এয়া হৈছে এক সময়-পৰীক্ষিত মিত্ৰজোঁট, যি মিত্ৰজোঁটে ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীক বিজেপি সভাপতি জে পি নাড্ডা, শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইএডিএমকে নেতা কে পালানিস্বামী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই আদৰণি জনায়৷ ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এন ডি এৰ মিত্ৰশক্তিৰ একত্ৰিত হোৱাটো “অপৰিসীম আনন্দৰ” বিষয়।

তেওঁ টুইটত কয়, “এয়া অত্যন্ত আনন্দৰ বিষয় যে সমগ্ৰ ভাৰতৰ পৰা আমাৰ মূল্যৱান এন ডি এ অংশীদাৰসকলে আজি দিল্লীত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰিছে। এয়া আমাৰ এক সময়-পৰীক্ষিত মিত্ৰতা যি ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে।”বাংগালুৰুত বিজেপিক প্ৰতিহত কৰিবলৈ ২৬ টাকৈ বিৰোধী দলৰ বৈঠকৰ সময়তে বিজেপি নেতৃত্বাধীন এন ডিএয়ো শক্তি প্ৰদৰ্শনৰ যুঁজত নামি পৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে এন ডি এত যোগদান কৰা মিত্ৰশক্তিৰ সংখ্যা অধিক দেখুওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।

এয়া যেন হৈ পৰিছে বিজেপিৰ বাবে সন্মানৰ যুঁজ। সোমবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি গেৰুৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছিল যে মঙলবাৰে নতুন দিল্লীৰ অশোক হোটেলত এন ডি এৰ বৈঠকত ৩৮ টা দলে অংশগ্ৰহণ কৰিব। অৱশ্যে, তেওঁ দলকেইটাৰ নাম তালিকা প্ৰকাশৰ পৰা বিৰত আছিল।

সংবাদমেলত নাড্ডাই যোৱা ন বছৰত কেন্দ্ৰত মোদী চৰকাৰৰ সাফল্যৰ বিষয়ত আলোকপাত কৰিছিল। তেওঁ এইবুলিও দাবী কৰিছিল যে দুৰ্নীতিৰ প্ৰতি এন ডি এ আৰু বিজেপিৰ “শূন্য সহনশীলতা” নীতি সদায় একে থাকিব।

দুৰ্নীতিৰ অভিযোগ থকা অজিত পাৱাৰৰ দৰে নেতাক এন ডি এত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হোৱা নাড্ডাই কিছুসময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল যদিও পিছত কৈছিল “যদি কোনোবাই আমাৰ নীতি আৰু ধাৰণাবাহিৰলৈ যায় , তেন্তে আইনে নিজৰ পথ ল’ব, আমি সকলোৱে একেলগে বিকাশ কৰিব লাগিব।” ইপিনে চিৰাগ পাছৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে (পাছৱান) আনুষ্ঠানিকভাৱে এন ডি এত যোগদান কৰিছে। বিৰোধীৰ মিত্ৰজোঁট গঠন প্ৰক্ৰিয়াৰ হেঁচাত এন ডি এ সম্প্ৰসাৰিত কৰা হৈছে নেকি বুলি সাংবাদিকে সোধাত নাড্ডাই একো উত্তৰ নিদি সংবাদমেলখন “ভংগ” হোৱা বুলি ঘোষণা কৰিছিল।

নাড্ডাই কৈছিল- বিৰোধীৰ কোনো নেতা নাই আৰু কোনো নীতি নাই। তেওঁ লগতে কৈছিল যে বিৰোধীয়ে তেওঁলোকৰ দুৰ্নীতি লুকুৱাবলৈ একত্ৰিত হৈছে।ইপিনে এন ডি এৰ বৈঠক সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ আমিক জামেই কয়, “কিয় ৩৮ টা ৰাজনৈতিক দলক এন ডি এৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে? বিজেপিয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই বিৰোধীৰ বাবে পৰ্যাপ্ত । তেন্তে ইমান কেইটা দল লাগে কিয়?

তেওঁ লগতে কয় যে এনডিএৰ বৈঠকত ভাগ লোৱা এই ৩৮ টা দলৰ ভিতৰত ৩৬ টা দলৰেই সংসদত কোনো সদস্য নাই, তেওঁলোক কেৱল কাগজৰহে বাঘ বুলিও তেওঁ মন্তব্য কৰে।

Leave A Reply