Breaking

মাৰাথান দৌৰ প্ৰতিযোগিতাৰে উদ্দীপ্ত চ’ৰাৰ উদ্যোগত ৩৮ সংখ্যক অভিৰুচি দিৱস উদ্‌যাপন

0 2,147

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে  অৰ্জুন বঁটা বিজয়ী  ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু  জাতিৰ গৌৰৱ আছিল ; শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত  ৩ চেপ্তেম্বৰত  জন্ম গ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ  ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে বিগত ১৯৮৪ চনৰ পৰাই পালন কৰি  আহিছে’ এই বক্তব্য চ’ৰাৰ সভাপতি দীপক শৰ্মাৰ।বিহালী বেদেতীৰ স্বেচ্ছাসেৱি ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত প্ৰতি বছৰে এই দিনটোত অসম ভিত্তিত ফুট ব’ল ‘ভলী’বল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এই বাৰ কৰোনা অতিমাহীৰৰ পৰিপ্ৰেক্ষিতত জিলা খনৰ বিভিন্ন প্ৰান্তৰ  দুই শতাধিক খেলুৱৈ ‘যুৱক -যুৱতিৰ দ্বাৰা প্ৰায় ২০ কি’ল’ কি:মি: পথ মাৰাথান দৌৰে দিবসটি পালন কৰে । দৌৰৰ শেষত প্ৰথম দ্বিতীয় আৰু তৃতীয় বিজয়ী হিচাপে ৪ গৰাকী যুৱতী আৰু ৭ জন যুৱকক আদৰণি জনাই  পুৰষ্কৃত কৰা হয়। এই অনুষ্ঠানত আতঁ ধৰে চ’ৰাৰ সভাপতি দীপক শৰ্মা ‘সম্পাদক জয়ন্ত বৰাই। এই সময় ছোৱাত শিক্ষক তথা প্ৰশিক্ষক  ৰঞ্জিত গগৈ:অবন বৰুৱা অৰু ঢ’ৰাৰ সদস্য সকলে অৎশ লয় । এই মাৰাথান দৌৰ যাত্ৰা  শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গুহই : লগতে  আদৰণি জনায় জ্যেষ্ঠ ব্যক্তি ম:আলি হুচেইনক।  অভিৰুচি দিৱসৰ মুল শ্ল’গান হ’ল সুদক্ষ খেলুৱৈ  জাতিৰ গৌৰব আৰু দেশৰ সম্পদ এই মন্তব্য উদ্দীপ্ত ঢ’ৰাৰ সভাপতি দীপক শৰ্মাৰ । এই অনুষ্ঠানৰ পৰাই  অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ লগতে  হিমা দাস আৰু লভলীনা বৰগোঞাইলৈ শুভকামনা জনায় ।

Leave A Reply