Breaking

বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৮তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

0 2,036

নলবাৰী জিলাৰ উল্লেখযোগ্য ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱে আজি ৩৮ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰেে৷তদুপলক্ষে পূৱা সাতবজাত বৰখালাস্থিত ক্লাৱ প্ৰাংগনৰ পৰা এটি সামুহিক দৌৰ অনুষ্ঠিত কৰে৷সামুহিক দৌৰত অঞ্চলৰ শতাধিক ক্ৰীড়ানুৰাগীয়ে অংশগ্ৰহণ কৰে৷উক্ত সামুহিক দৌৰৰ দলটিয়ে অঞ্চলটো পৰিভ্ৰমণ কৰাৰ অন্তত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিলিত হয়৷তাতে ক্লাৱৰ সভাপতি ডা°অৰুন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ক্ৰীড়া সংগঠক তথা অৱসৰপ্ৰাপ্ত শাৰিৰীক নিৰ্দেশক ৰবীন শৰ্মাই সভাৰ উদ্দেশ্য তথা অভিৰুচি ক্ৰীড়া দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰা সভাখনত পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মা,ক্লাৱৰ কাৰ্য্যকৰী সভাপতি হৰকুমাৰ ডেকা,শাৰিৰীক নিৰ্দেশক অতুল কলিতাই ক্ৰীড়াৰ ক্ষেত্ৰত বিতং ব্যাখ্যা আগবঢ়াই৷আনহাতে অনুষ্ঠানত ক্লাৱৰ সম্পাদক দিলীপ ভট্ট,উপসভাপতি তবিৱৰ ৰহমান,সদস্য দীনেশ চন্দ্ৰ দাস,সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মা,শাৰিৰীক নিৰ্দশক দীপক মালাকৰ,সুৰেন্দ্ৰনাথ তালুকদাৰকে ধৰি ক্লাৱৰ লগত জৰিত প্ৰায়বোৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷

Leave A Reply