Breaking

টেঙাখাতৰ পাণধোৱাত বাঘৰ আক্ৰমণৰ বলি হোৱা ৩৯ বছৰীয়া ব্যক্তিৰ আত্মহত্যা

0 1,116

টেঙাখাতৰ পাণধোৱাত বাঘৰ আক্ৰমণৰ বলি হোৱা ৩৯ বছৰীয়া ব্যক্তিৰ আত্মহত্যা।যোৱা ১২মে তাৰিখে টেঙাখাতৰ পাণধোৱাত চাৰিজনকৈ ব্যক্তি বাঘৰ আক্ৰমণৰ বলি হয়।তাৰে এজন ব্যক্তি ৩৯ বছৰীয়া গোপন জীৱন সোনোৱালক কালি চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠোৱা হৈছিল। ব্যক্তি জন কিছু পৰিমাণে সুস্থ হৈও উঠিছিল।কিন্তু আজি পুৱা পৰিয়ালৰ লোকে ব্যক্তি জনক নিজৰ কোঠাৰ ভিতৰতে আত্মহত্যা কৰা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে ব্যক্তি জন কিছু পৰিমাণে মানসিক বিকাৰগ্ৰস্ত ও আছিল। ঘটনা টো প্ৰত্যক্ষ কৰাৰ পাছত পৰিয়ালৰ লোকে টেঙাখাত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Leave A Reply