Breaking

সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 2,037

পানেৰী প্ৰতিবেদক : সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ইং ১২ নবেম্বৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ তেলীয়াপাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত সংগঠনটোৰ তৃতীয় সংখ্যক প্ৰতিস্থা দিৱস অনুস্তুপিয়াকৈ অনুস্থিত কৰা হয় | পৰিষদৰ পতাকা উত্তোলনৰ জড়িয়তে কেন্দ্ৰীয় সমিতিৰ সভাপতি তীৰ্থৰঞ্জন দেৱগোস্বামীয়ে অনুস্থানৰ শুভাৰম্ভনি কৰে | অনুস্থানটোৰ লগত সংগতি ৰাখি এখন বিষ্ণু যজ্ঞ্যানুস্থান আয়োজন কৰাৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলৰ লগতে কৃতি ছাত্ৰ -ছাত্ৰী সকলক সম্বৰ্ধনা জনাই | প্ৰতিস্থা দিৱস অনুস্থানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ লগতে সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিৰ্থৰঞ্জন দেৱগোস্বামী, সম্পাদক দ্বীপেন শৰ্মা, সহকাৰী সম্পাদক দেৱজিৎ শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি শৰ্মা, বাস্কা জিলা ব্ৰাহ্মণ মহাসভাৰ সাধাৰণ সম্পাদক জীৱন শৰ্মাৰ লগতে অন্যান্য নেত্ৰীবৃন্দ | সভাত ব্ৰাহ্মণসকলৰ বিভিন্ন সমস্যা সমুহৰ বিষয়ে আলোচনা কৰা হয় | আনহাতে পৰিষদৰ সভাপতি তীৰ্থৰঞ্জন দেৱগোস্বামীয়ে ব্ৰাহ্মণসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান তথা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মেধাৰ ভিত্তিত নিৰ্বাচন কৰাৰ বাবে চৰকাৰখনক অনুৰোধ জনাইছে |

Leave A Reply