Breaking

ওদালগুৰিত গ্ৰেপ্তাৰ ৪জন চোৰাং গৰু ব্যৱসায়ী

0 2,054

ওদালগুৰিৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ১৭জুনৰ পুৱতি নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰী গাওঁৰ পৰা ৪ জন চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে‌।ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনাই যে-স্হানীয়লোকৰ সহযোগত ১৭জুনৰ নিশা ৰাণীপুখুৰী নিবাসী ফনীন্দ্ৰ বসুমতাৰীৰ ঘৰৰ চৌহদৰ পৰা গৰু চুৰি কৰিবলৈ যোৱা সময়তে এক বৃহৎ আৰক্ষীৰ দলে অতৰ্কিতে তালাচী চলায়। চোৰাং গৰুৰ ব্যৱসায়ীৰ সৈতে জড়িত ক্ৰমে খাৰুপেটীয়াৰ ম: ছহিদুল আলী(১৮),ধূলাৰ ম: আমিৰুল ইছলাম(২১),খাৰুপেটীয়াৰ ম:ইনচান আলী আৰু ঢেকিয়াজুলিৰ ম: ইচুল আলীক এখন মালবাহী টাটা ডিআই পঞ্জীয়ন নং এএছ২৫ডিচি/০৬১০সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৯ ত ১৫৯/২১ এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুৰি ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জানিবলৈ দিয়ে।

আজিৰ দৈনন্দিন বাৰ্তা পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/167

আজিৰ The Assam Rising পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/166

Leave A Reply