Breaking

বিহাৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত শিশুসহ ৪ জনৰ মৃত্যুৰ, ৭০ জন আহত। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ…

0 160

বিহাৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত।

লাইনচ্যুত দিল্লী-কামাখ্যা অভিমুখী ৰে’লখনৰ ২১টা দবা ।

বৰ্তমানলৈকে ৰে’ল দুৰ্ঘটনাত শিশুসহ ৪ জনৰ মৃত্যুৰ খবৰ আহিছে।

আনহাতে আহত হৈছে ৭০ৰো অধিক।

দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী।

স্থানীয় প্ৰশাসনৰে যোগাযোগ অব্যাহত অসম চৰকাৰৰ ।

যাত্ৰীৰ সুবিধাৰ্থে কামাখ্যা ৰে’লৱে ষ্টেচনে মুকলি কৰিলে হেল্পলাইন নম্বৰ।

যোগাযোগ নম্বৰ 0361-2674857। দুৰ্ঘটনাৰ তদন্ত ঘোষণা কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ।

Leave A Reply