Breaking

টুপামাৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ সহ ৪ জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

0 32

টুপামাৰী আৰক্ষীৰ বৃহৎ সফলতা, নিশা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ সহ ৪ জনকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলা অভিযানত ৭১ টাকৈ নিচাজাতীয় দ্ৰব্য কফ চিৰাপৰ বটল জব্দ কৰাৰ লগতে দুখনকৈ বাইক আৰু ৫ টাকৈ মোবাইল ফোনো জব্দ কৰে।

আৰক্ষীৰ জালত পৰে ক্ৰমে…টুপামাৰী গাঁৱৰ নুৰ আলম, ৰবিউল হুছেইন, ৰঙ্গেশ্বৰী পাম গাঁৱৰ সুৰুজ জামাল আৰু ৰঙ্গেশ্বৰী গাঁৱৰ নজৰুল ইছলাম ধৃত নিচাজাতীয় কফ চিৰাপ সৰবৰাহকাৰী কেইজনে দীৰ্ঘদিনৰে পৰা টুপামাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমুহত নিৰ্বিঘ্নে চলাই গৈছিল নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা ।

টুপামাৰী আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে লগতে টুপামাৰী অঞ্চলটোক ড্ৰাগছ মুক্ত কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply