Breaking

মিছাইল আক্ৰমণত নিহত ৪০০ ৰাছিয়ান সেনা…

0 77

ৰাছিয়া অধিকৃত ডনেটস্ক অঞ্চলত মিছাইল আক্ৰমণত কমেও ৪০০ ৰাছিয়ান সেনা নিহত হোৱা বুলি দাবী কৰিছে ইউক্ৰেনে। মিছাইলটোৰ লক্ষ্য আছিল মাকিভা চহৰৰ এটা অট্টালিকা য’ত ৰাছিয়াৰ সেনাৰ এটা ঘাটি আছে বুলি ধাৰণা কৰা হৈছে।

কিয়েভে জানিবলৈ দিছে যে নৱবৰ্ষৰ দিনা মাজনিশা দুই মিনিট যোৱাৰ পিছত ডনেটস্কত চলোৱা ইউক্ৰেইনৰ সেই  মিছাইল আক্ৰমণত আন ৩০০ জন ৰাছিয়াৰ সেনা আহত হৈছে।

সোমবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে। অৱশ্যে, প্ৰতিবেদনসমূহত এই সংখ্যাৰ মৃত্যুৰ সত্যতা নিৰূপণ কৰা নাই।

মিছাইল আক্ৰমণত ৰাছিয়াৰ সেনাৰ হতাহতৰ বিষয়ে ইউক্ৰেইনৰ দাবী স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা হোৱা নাই। অৱশ্যে, ৰাছিয়ান ডনেটস্ক পন্থী কৰ্তৃপক্ষই হতাহত হোৱাৰ কথা স্বীকাৰ কৰিছে যদিও সঠিক পৰিসংখ্যা নিশ্চিত কৰা নাই।

ইপিনে, শনিবাৰে ইউক্ৰেইনৰ বিভিন্ন চহৰত কেইবাটাও ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই আঘাত কৰে। ৰাছিয়াই ড্ৰোন আৰু মিছাইল আক্ৰমণ অব্যাহত ৰখাত সমগ্ৰ কিয়েভজুৰি বিমান আক্ৰমণৰ চাইৰেন বজোৱা হৈছিল।

Leave A Reply