Breaking

সমগ্ৰ ওৰাঙত মহাযোদ্ধা-মহাবীৰ লাচিত বৰফুনৰ ৪০০ সংখ্যক ওপজা দিৱস উদযাপন…

0 93

ৰাষ্ট্ৰৰ অনন্য গৌৰৱৰ ধ্বজাবাহী, শৌৰ্য-বীৰ্য-গৌৰৱৰ অম্লান প্ৰতীক মহাযোদ্ধা-মহাবীৰ লাচিত বৰফুনৰ ৪০০ সংখ্যক ওপজা দিৱস সমগ্ৰ অসমৰ লগতে দেশৰ ৰাজধানী নতুন দিল্লীত মনাকৰ্ষি সম্ভাৰ লৈ শ্ৰদ্ধাৰে পালন কৰা হৈছে ্।অসমৰ শিক্ষানুষ্ঠান সমূহৰ লগতে চৰকাৰী কাৰ্যালয় সমূহত ছয়দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে পালন কৰি অহা স্বদেশপ্ৰেমিক মহাবীৰ লাচিত-বন্দনাই অসমৰ আকাশ-বতাহ মূখৰিত কৰে। এই ক্ষেত্ৰত ওদালগুৰি জিলাৰ মাজবাট শিক্ষাখণ্ডৰ অধীনস্থ প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয়ত চৰকাৰ তথা শিক্ষা বিভাগৰ দ্বাৰা নিৰ্দেশিত সকলোবোৰ কাৰ্যসূচী-কৰ্মসূচী শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলে অতি শ্ৰদ্ধা-আগ্ৰহেৰে সু-সম্পাদন কৰে ।

ওৰাঙৰ গেলাবিল মাধ্যমিক বিদ্যালয় পৰিয়ালে ৰাজ্য-ৰাষ্ট্ৰৰ মাংগলিক দিৱস মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী ছয়দিনীয়া মনোজ্ঞ কাৰ্যক্ৰমণিকাৰ সামৰণি অনুষ্ঠানটি অতি উলহ-মালহেৰে তথা উৎসাহজনক সহাৰিৰে সম্পন্ন কৰে। ২৪ নৱেম্বৰ ৰাতিপুৱা ৯-১৫ বজাত দেশপ্ৰেম -জাতিপ্ৰেম – পৰাক্ৰম-বীৰত্বৰ সফল গৌৰৱ গাথাৰে সমুজ্জ্বল মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মংগল প্ৰদীপ প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উন্মোচন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই। ইয়াৰ পিছতেই সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথ, অনুষ্ঠানৰ মুখ্য অতিথি তথা ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা কুমুদ শৰ্মাই পুষ্পাৰ্ঘৰে মহান বীৰজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যালয়ৰ সহ: শিক্ষক অতুল চন্দ্ৰ নাথে পৰিচালনা কৰা এই অনুষ্ঠানত অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা ছিয়া দেৱীয়েও লাচিত বৰফুকনৰ স্মাৰক প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে সেৱা জনায়। এই অনুষ্ঠানৰ পূৰ্বে প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দে,সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথৰ নেতৃত্বত শিক্ষক -শিক্ষয়িত্ৰী সকলৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী সকলে লাচিত বৰফুকনৰ জয়গান-জয়ধ্বনি মিশ্ৰিত শ্লোগানেৰে প্ৰদৰ্শন কৰে সুদীৰ্ঘ শোভাযাত্ৰা।

দুই কাৰ্যসূচী সু-সম্পাদনৰ পিছতে প্ৰাৰম্ভণ কৰা হয় সামৰণি অনুষ্ঠান তথা মুকলি সভা। সহ: শিক্ষয়িত্ৰী গীতিমা হালৈ বৰুৱাই আঁত ধৰা সহ: শিক্ষক অতুল চন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা আৰু চিনাকি পৰ্বৰ আত ধৰে ্। সভাত পৌৰহিত্য কৰে প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই। চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষয়িত্ৰী উপস্থিত থকা সভাখন উদ্বোধন কৰে সহ : প্ৰধান শিক্ষক নৱ কুমাৰ নাথে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিপামণি শৰ্মা, গীতিমা হালৈ বৰুৱা, দীপিকা বৰা , ৰঞ্জিতা দেৱীয়ে লাচিত বন্দনাপূৰ্ণ ভূপেন্দ্ৰ সংগীত” মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকাদল ” পৰিবেশন কৰি সভা উন্মোচনত সৌষ্ঠৱ বৃদ্ধি কৰে । সভাত কলাগুৰু বিষ্ণু ৰাভা কণিষ্ঠ মহাবিদ্যালয়ু অৱসৰ প্ৰাপ্ত প্ৰৱক্তা কুমুদ শৰ্মা মুখ্য অতিথি মাজবাট মহাবিদ্যালয়ৰ সহকাৰী তথা শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক জয়ন্ত কলিতা, অৱসৰপ্ৰাপ্ত এ চি‌ এছ -অসম চৰকাৰৰ গৃহ বিভাগৰ উপ সচিব-ভাৰত চৰকাৰৰ পাৰ পত্ৰ বিষয়া শচীন্দ্ৰ মোহন মাহাতো বিশিষ্ট অতিথি ৰূপে সভাৰ আসনৰ শোভা বৰ্ধন কৰে। ভাষণত কেউজনা বিজ্ঞ ব্যক্তিয়ে চিৰ বৰেণ্য তথ‍ দুৰ্বাৰ মহাবীৰ লাচিত বৰফুকনৰ জন্ম বৃত্তান্ত, মোমাই তামূলী বৰবৰুৱা, লাচিতৰ সঠিক জন্ম তথ্য, বংশ পৰিক্ৰমা, বুৰঞ্জীত ইয়াৰ অৱলোকন, পাইক প্ৰথা,অসম বুৰঞ্জী, কামৰ গাফিলতিৰ হেতুকে হেংদাং লৈ মোমায়েকৰ শিৰচ্ছেদ, গড় নিৰ্মাণ ,শৰাইঘাটৰ যুদ্ধত জ্বৰৰ গাৰে লাচিতৰ সিংহ-নাদ অগ্ৰণী অংশগ্ৰহণ, দেশপ্ৰেম -লাচিতৰ সাহস আদৰ্শক আজিৰ ছাত্ৰ-ছাত্ৰীৰ অনুকৰণৰ প্ৰাসংগিকতা সন্দৰ্ভত মনোজ্ঞ আলোকপাত কৰে।

বৰ্ণিল জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰে পৰিপূৰ্ণ এই বিদ্যা মন্দিৰৰ মুকলি অনুষ্ঠানৰ কাৰ্যক্ৰমণিকাত ছাত্ৰ-ছাত্ৰীৰ বাৰেৰহণীয়া পৰিধানেৰে আধুনিক নৃত্য, কুশ্বান নৃত্য, বড়ো নৃত্য, চাহ জনজাতি নৃত্য, আদিবাসী নৃত্য, নেপালী নৃত্য, লাচিত বন্দনা নৃত্য, দেশপ্ৰেম -জাতিপ্ৰেম গীতৰ নৃত্য আৰু গীত, ঈশ্বৰ আৰাধনা নৃত্য-গীত, কবিতা আবৃত্তি , অতিথি-অভ্যাগতৰ ভাষণৰ গাম্ভীৰ্যপূৰ্ণ সাংগীতিক ঐক্যতানেৰে ওৰাঙৰ আকাশ-বতাহ নময়ী লাচিতময় হৈ পৰে । ছাত্ৰী কুঁহি বৰাই বৰেণ্য কবি দেৱকান্ত বৰুৱাৰ “লাচিত ফুকন” আৰু ছাত্ৰী স্নিগ্ধা বৈশ্য- কুঁহি বৰাই অতুল চন্দ্ৰ হাজৰিকাৰ ” শৰাইঘটীয়া ডেকাদল ” কবিতাৰ হৃদয়জিনা আবৃত্তি -ভংগিমাৰে সকলোকে মোহিত কৰে । ইয়াৰ মাজতে ইতিমধ্যে ১৯ ,২০ , ২১ ,২২ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীৰ লগতে লাচিত বৰফুকন বিষয়ক লেখা , চিত্ৰাংকন, আকস্মিক বক্তৃতা ,কুইজ প্ৰতিযোগিতাত বিজয়ী সকলক মূল্যবান কিতাপৰ টোপোলা, কলম ,ৰুলমাৰী আদিৰে পুৰস্কৃত কৰা হয় । ইয়াৰ পিছতেই সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথ, হিন্দী শিক্ষয়িত্ৰী ৰঞ্জিতা দেৱী আৰু এদল ছাত্ৰীয়ে একত্ৰে পৰিবেশন কৰা সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী ” আমি অসমীয়া নহও দুখীয়া” সংগীতে অনুষ্ঠানৰ মাত্ৰা সুবাসিত কৰে। শলাগৰ শৰাই আগবঢ়ায় সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথে। সভাৰ সভাপতি প্ৰদীপ কুমাৰ দেই মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰ সাম্প্ৰতিক প্ৰাসংগিকতা বিশ্লেষণ কৰি মহাযোদ্ধাগৰাকীৰ ওপজা দিনটোৰ সামৰণী অনুষ্ঠানৰ সমাপ্তি ঘোষণা কৰে । ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ১৯ নৱেম্বৰত অনুষ্ঠিত কৰা মহাবীৰ লাচিত বৰফুকন বিষয়ক জীৱনী লেখা প্ৰতিযোগিতা অনুষ্ঠিত,২০ নৱেম্ভৰত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৱ কুমাৰ নাথৰ নেতৃত্বত বিদ্যালয়ৰ সমূহ পৰিয়ালে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন,২১ নৱেম্বৰত নিৰলা শৰ্মা , দীপক বৈশ্য,ৰিপামণি শৰ্মাৰ পৰিচালনা -মূল্যায়নেৰে মহান নায়ক লাচিত বৰফুকনৰ প্ৰতিচ্ছবি বা আহোম যুগৰ যুদ্ধৰ সজুলিৰে চিত্ৰাংকণ প্ৰতিযোগিতা, ২২ নৱেম্বৰত আকৰ্ষণীয় আলোচনা চক্ৰ আৰু “লাচিত বৰফুকনৰ মাতুল শিৰচ্ছেদ মহাপাপ আছিল” শীৰ্ষক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেৰ সঞ্চালনাত আয়োজিত আলোচনা চক্ৰৰ নিৰ্ধাৰিত বিষয় আছিল “ৰাষ্ট্ৰ মহাবীৰ লাচিত বৰফুকন” ।

মুখ্য আলোচক সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথে অসম তথা ভাৰতৰ প্ৰাত: স্মৰণীয় মহাবীৰ লাচিতৰ জীৱন পৰিক্ৰমাৰ আদ্যোপান্ত বিৱৰি সুন্দৰ-সাৱলীল ভাৱে আলোকপাত কৰে । আলোচক সহ: শিক্ষক দেৱী প্ৰসাদ উপাধ্যায়েও চমুকৈ শৰাইঘাট মহাৰণৰ অপ্ৰতিৰোধ্য সেনাপতি লাচিত বৰফুকনৰ স্মৃতি অৱলোকন কৰে। দিনটোৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ ” লাচিত বৰফুকনৰ মাছুল শিৰচ্ছেদ মহাপাপ আছিল” তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষতা কৰে সহ: প্ৰধান শিক্ষক নৱ কুমাৰ নাথে । সংস্কৃত শিক্ষয়িত্ৰী ৰিপামণি শৰ্মাই সপক্ষ দল আৰু বিজ্ঞান শিক্ষক স্বপ্নন সেনে বিপক্ষ দলৰ পৰিচালনাত ন্যস্ত থাকে । ২৪ নৱেম্বৰত গীতিমা হালৈ বৰুৱাৰ সঞ্চালনত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা । শিক্ষক কুল প্ৰসাদ উপাধ্যায়,স্বপ্ন সেন,ৰাণু কলিতা বৰুৱা, দেৱী প্ৰসাদ উপাধ্যায়, দীপক বৈশ্য, স্বপ্নালী বৰা , নিৰ্মলা শৰ্মা আৰু ছাত্ৰ পাৰ্থ ডেকাই পৰিচালনা কৰে দুই কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা। ধনশ্ৰীঘাটৰ ২ নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়,পাউৰীপোটা মাধ্যমিক বিদ্যালয় পৰিয়ালেও অনুৰূপ কাৰ্যক্ৰমণিকা সম্পাদন কৰে।

Leave A Reply