Breaking

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন….

0 72

বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা গুৱাহাটীলৈ চিকিৎসক আৰু চিকিৎসক ছাত্ৰ- ছাত্ৰীৰ সুস্থ জীৱন শৈলীৰ বাবে চাইকেল যাত্ৰা ।


বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা গুৱাহাটীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ উদ্যোগত চিকিৎসকৰ চাইকেল যাত্ৰা ৷ সুস্থ জীৱন নিৰোগী শৰীৰ, পেট্ৰ’ল বচোৱা, অৰ্থ ৰাহি কৰা আদি শ্লোগাণেৰে আজি বৰপেটা মেডিকেল কলেজ হস্পিটালৰ পৰা GMCH লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ উদ্যোগত চিকিৎসকসকলে চাইকেল যাত্ৰা আৰম্ভ কৰে । অহা ৭ আৰু ৮ মে’ত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দেশৰ চিকিৎসকসকলৰ দ্বাৰা গঠিত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হব ৷

উক্ত ৰাষ্ট্ৰীয় সন্মিলনৰ লগত সংগতি ৰাখি মানুহৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ উদ্দেশ্যে এনেদৰে চাইকেল যাত্ৰা অনুষ্ঠিত কৰে সংস্থাটোৰ চিকিৎসকসকলে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ ৪১ সংখ্যক ৰাষ্ট্ৰীয় স্বাস্থ্য সন্মিলনৰ লগত সংগতি ৰাখি বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ পৰা গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ আৰম্ভ কৰা চাইকেল যাত্ৰাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চিকিৎসক আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহন কৰে ।

বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ চাইকেল যাত্ৰাক মাধ্যম হিচাপে ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ এয়া এক পদক্ষেপ বুলি সংস্থাটোৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে । বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুচাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, বৰপেটাৰ জিলা পৰিবহন বিষয়া অপূৰ্ব কুমাৰ দাস আৰু বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ অধ্যক্ষ ৰমেন তালুকদাৰে আজিৰ এই চাইকেল যাত্ৰা কাৰ্যসূচী মুকলি কৰে ৷

চাইকেল যাত্ৰাত প্ৰায় শতাধিক ডাক্তৰ আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Leave A Reply