Breaking

শীতকালত প্ৰতিদিনে পুৱা খাব লাগে এই ৫টা বস্তু…

0 75

শীতকালত মানুহে এনে কিছু বস্তু খাব লাগে যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ঠাণ্ডাত শৰীৰ গৰম কৰিব পাৰে। ঠাণ্ডা বতৰত বহু ৰোগে শৰীৰত প্ৰভাৱ পেলায়। আপুনি এনে কিছু বস্তু খাব লাগে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল কৰি ৰাখিব পাৰে। শীতকালত কোনবোৰ বস্তু খাব লাগে জানো আহক-

প্ৰতিদিনে তিয়াই থোৱা আলমণ্ড খাব লাগে।


কুহুমীয়া পানীৰ লগত মৌ মিহলি কৰি খাই শৰীৰৰ বহু ৰোগ নিৰাময় হয় আৰু লগতে শৰীৰত বহু উপকাৰ পোৱা যায়।


লগতে দৈনিক ৰাতিপুৱা ঠাণ্ডা বতৰত তিয়াই থোৱা আখৰোট খাব লাগে। ইয়াত ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম আৰু আঁহ থাকে। পেটৰ বাবেও উপকাৰী।


দৈনিক অমিতা খাব লাগে। অমিতাই আপোনাৰ পেট সুস্থ কৰি ৰাখে আৰু লগতে পেটৰ সকলো সমস্যা আঁতৰাই ৰাখে।


ৰাতিপুৱাৰ খাদ্যত অটমিল খাব লাগিব। ইয়াত কেলৰি কম আৰু পুষ্টিকৰ উপাদান প্ৰচুৰ। ইয়াৰ ফলত বিশেষ ভোকৰ সৃষ্টি নহয়।


Leave A Reply

Your email address will not be published.