Breaking

মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰােভাৱ তিথি পালন…

0 78

অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শণ, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ সমুহত পালন কৰা হৈছে ৷

গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱ গুৰুৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম প্ৰসঙ্গত অংশগ্ৰহন কৰে ৷

বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসঙ্গ আৰু হৰি নাম কীৰ্তনৰ ধ্বনিত এক পৱিত্ৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে ৷

Leave A Reply