Breaking

দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন

0 49

দৰং জিলাৰ ঐতিহ্যমণ্ডিত সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি উদুলি-মুদুলি পৰিবেশত দৰং জিলা সাহিত্য সভাৰ ৪৭ তম দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয়।

লাইখুঁটা স্থাপন কৰে বুঢ়ীনগৰ কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা জীতেন হাজৰিকাই। তেওঁ আগন্তুক অধিবেশন সৰ্বতোপ্ৰকাৰে সাফল্য মণ্ডিত কৰি তুলিবলৈ আঞ্চলিক ৰাইজক আহ্বান জনায়। অনুষ্ঠানটোত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভা ৰাইজৰ প্ৰাণৰ অনুষ্ঠান বুলি অভিহিত কৰি কয়- দৰঙী ৰাইজৰ সহায় সহযোগিতাত ৪৭ তম সৰাবাৰী অধিবেশন জাকজমকতাৰে অনুষ্ঠিত হ’ব।

লাইখুঁটা স্থাপনৰ পিচত শাখা সাহিত্য সভাৰ সম্পাদক ভদ্ৰকান্ত কলিতাই আত ধৰা এখন সভাত দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰোদা শইকীয়া গৌতমানন্দ্ৰ গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, অহা জানুৱাৰী মাহৰ ৭ আৰু ৮ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া অধিবেশনৰ বাবে ইতিমধ্যে বিধায়ক পৰমানন্দ ৰাজবংশীক সভাপতি , অৱসৰপ্ৰাপ্ত শিক্ষক লংকেশ্বৰ হাজৰিকাক কাৰ্যকৰী সভাপতি,দিপক ৰাই বৰুৱা আৰু হেমন্ত চহৰীয়াক সম্পাদক হিচাপে লৈ ৭ খন উপসমিতি  উদযাপন সমিতি খন গঠন কৰা হৈছে বুলি শাখাৰ সভাপতি নাৰায়ণ শৰ্মাই জানিব দিয়ে ৷ 

-দ্বীপেন ডেকা 

Leave A Reply