Breaking

তেজপুৰ কলা বীথিকাৰ চতুৰ্থ বৰ্ষপূৰ্তী: যুৱশিল্পীৰ চিত্ৰ-ভাস্কৰ্যৰ তিনিদিনীয়া প্ৰদৰ্শনী

0 2,177

অসমীয়া ক্লাবৰ ভাতৃ অনুষ্ঠান তেজপুৰ কলা বীথিকাৰ চতুৰ্থ বৰ্ষপূৰ্তী উপলক্ষে বালিৰাম লহকৰ সভাগৃহত আজি ৩ চেপ্তেম্বৰ তাৰিখে তেজপুৰ আৰু তেজপুৰৰ প্ৰান্তীয় অঞ্চলৰ ১৮ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ৪০ গৰাকী যুৱশিল্পীৰ এখন বিৰল ছৱি আৰু ভাস্কৰ্যৰ তিনিদিনীয়া শিল্প প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰা হয়।শুভাৰম্ভৰ মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ শ্ৰীঅৰুণা দেৱীয়ে আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰীভূপেশ চন্দ্ৰ দাসদেৱে।উপায়ুক্তৰ তেজপুৰৰ গৰিমাময় ইতিহাস সুঁৱৰি,এতিয়াও শিল্প-সাহিত্য-ক্ৰীড়াৰ ক্ষেত্ৰত আজিও নাগৰিক সকলৰ সক্ৰীয় অংশগ্ৰহণৰ ব্যতিক্ৰমী ৰূপৰ প্ৰশংসা কৰে।

চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনী খনি উদ্বোধন কৰ্ দিয়া ভাষণত তেজপুৰৰ প্ৰখ্যাত প্ৰবীণ ভাস্কৰ্য শিল্পী শ্ৰীকুশল চন্দ্ৰ কলিতাই তেওঁক জনোৱা সম্বৰ্দ্ধনাত আৱেগিক হৈ পৰি নতুন প্ৰজন্মৰ শিল্পী সকলেহে এদিন নিজৰ সাধনা-প্ৰজ্ঞাৰে তেজপুৰৰ শিল্প মান উজ্বলাই তুলিব বুলি আশা কৰি নিজৰ কৰ্মৰো একচমু খতিয়ান দাঙি ধৰে।ইয়াৰ পিছতে প্ৰয়াত শিল্পী জয় দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগৰ আয়োজন কৰে ,যিখন পৰিচালনা কৰে অভিনেতা ভূপেন শৰ্মা আৰু শিল্পী মৃগেন কলিতাই।সভাৰ আৰম্ভনিতে আদৰণি ভাষণ দিয়ে সম্পাদক শ্ৰীঅনুদেৱী মহন্তয়।
শিল্প প্ৰদৰ্শনী খনিত দুখনকৈ নিজৰ ছবিৰে ভাগলোৱা যুৱশিল্পী সকল আছিল সৰ্বশ্ৰীসিদ্ধিকা লহকৰ,বিপ্ৰজিৎ পাল,দিপীকা তালুকদাৰ,কমল চন্দ্ৰ বৰা,প্ৰবীৰ হাজৰিকা,বিহগুৰিৰ অভিজ্ঞান কৃষ্ণ মহন্ত,বালিপাৰাৰ তন্ময় দাস,ফাৰ্জিনা হক,স্বপ্নীল কাশ্যপ,মনিমালা বৰা,কৃতি বৈশ্য,সন্দীপ নাথ,সুমন সূত্ৰধাৰ,বিশাল চৰকাৰ,নিকুমাৰ দাস,সম্প্ৰীত কলিতা,নয়না নন্দিনী বৰুৱা,কৃষ্ণ কমল শৰ্মা,ৰাকেশ পাল,ভাস্কৰ জ্যোতি দাস,জোনাশ্ৰী বৈশ্য,ৰাঘৱ মহন্ত,ভাৰ্গৱ চন্দ্ৰ বৰুৱা,অলংকৃতা কলিতা,গৰ্গী কলিতা,প্ৰীয়া বৰুৱা,সুমন বৰা,উজ্বল কলিতা,পোহৰ বৰা,নন্দিনী দেৱী,হৰ্ষিতা বৰা,অংশুমান প্লাৱন নাথ,কংকনা নাথ,দেৱজানী বৰা,বিদীশা বৰঠাকুৰ,নন্দিনী কাশ্যপ,অবিনাশ হাজৰিকা,অলিস্মৃতা কলিতা,জ্যোতিস্মৃতা কলিতা আৰু বিশ্বৰূপা কলিতা।আজিৰ শুভাৰম্ভ অনুষ্ঠানত অসমীয়া ক্লাবৰ প্ৰায় সকলো জেষ্ঠ সদস্য/সদস্যাৰ উৰিও প্ৰায় কেইজন প্ৰৱীন শিল্পীও উপস্থিত থাকে।

যুৱশিল্পী সকলৰ শিল্পনৈপুন্যতা ,বিষয় নিৰ্বাচন ,ৰঙৰ ব্যৱহাৰ দেখি সকলো দৰ্শক প্ৰশংসাত পঞ্চমুখহৈ পৰে।এই প্ৰদৰ্শনী অহা ৫ চেপ্তেম্বৰত সমাপ্ত হ’ব।

Leave A Reply