Breaking

চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা (পঞ্চম দিন, সপ্তম ৰাউণ্ড) শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ লগত দ্ৰ খেলিলে অসমৰ নীলাভজ্যোতি বৰঠাকুৰে

0 20

চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ সপ্তম ৰাউণ্ডত অসমৰ নীলাভজ্যোতি বৰঠাকুৰে শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ সৈতে দ্ৰ খেলে। এই দ্ৰ সত্বেও অৰ্পণ দাসে নিকটতম প্ৰতিদদ্বীতকৈ আধা পইণ্ট অধিক সংগ্ৰহ ৭ৰাউণ্ডৰ পৰা ৬.৫ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে।

অসমৰ অশ্বীন শৰ্মাই, বিহাৰৰ আশুতোষ কুমাৰ আৰু পশ্চিমবংগৰে ৰূপম মৃখাৰ্জীয়ে ৬পইণ্টকৈ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। নীলাভজ্যোতি বৰঠাকুৰ, অবিনাশ পি গগৈ, নিহাদ ইছলাম হাজৰিকা আৰু ছাহজাহান আলিয়ে ৫.৫ পইণ্টকৈ সংগ্ৰহ কৰি তৃতীয় স্থানত আছে।


আশুতোষ কুমাৰে পদ্ম গগৈক আৰু ৰূপম মৃখাৰ্জীয়ে চাৰ্ভী চৌধুৰীক পৰাজিত কৰে। অশ্বীন শৰ্মাই টানিশা এ আৰ সোমক পৰাজিত কৰে আনহাতে চিৰৰঞ্জন ভূঞাই অবিনাশ পি গগৈৰ বিৰুদ্ধে দ্ৰ খেলে। ত্ৰিপুৰাৰ ৰাজবীৰ আহমেদ আৰু বিহাৰৰ কিষান কুমাৰৰ খেলো দ্ৰ হয়। নিহাদ ইছলাম হাজৰিকাই ৰিতুৰাজ তামুলী আৰু মেঘালয়ৰ অমিত চৰফে অসমৰ প্ৰদীপ ভূঞাক পৰাজিত কৰে।


৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা খন কাইলৈ অন্ত পৰিব। দবা খেলুৱৈ অভিভাৱক ফোৰামে আয়োজন কৰা এই প্ৰতিযোগিতা খন সদৌ অসম দবা সন্থা, সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘই স্বীকৃতি প্ৰদান কৰিছে। মুঠ ৯ৰাউণ্ডৰ এই প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত ক্লাছিকেল ফৰ্মেটত খেলোৱা হৈছে। ইণ্ডিয়ান অইল কৰ্পোৰেচনআৰু ভিশ্বনটেকে আৰ্থিক সাহায্য আগবঢ়োৱা এই প্ৰতিযোগিতাখন পানীখাইটিৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে।


৬৩ জন ৰেটেড খেলুৱৈ সহ মুঠ ১৪০জন খেলুৱৈয়ে যোগদান কৰা এই প্ৰতিযোগিতা খন পৰিচালনা কৰিছে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে। তেওঁক সহায় কৰিছে গুৱাহাটীৰ ফিডে আৰ্বিটাৰ মনিমালা সিন্হা আৰু ৰবিকান্ত তিৱাৰী, ডিব্ৰুগড়ৰ গোলাপ গগৈ, ত্ৰিপুৰাৰ নিৰ্মল দাস আৰু পান্না আহমেদে। নৱম আৰু চুড়ান্ত ৰাউণ্ডৰ খেল সমূহ কাইলৈ ৰাতিপুৱা ঌ. ৩০ বজাত আৰম্ভ হব। বিয়লি তিনি বজাত বটা বিতৰণী সভা অনুষ্ঠিত হব।

Leave A Reply