Breaking

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফল সামৰণি, চণ্ডীগড় বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল; প্ৰত্যাশা ৰয় শ্ৰেষ্ঠা মহিলা, জেভিয়াৰ মাইকেল ডিছুজা শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ

0 24

গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে৷ এইবাৰ প্ৰতিযোগিতাত চণ্ডীগড় বিশ্ববিদ্যালয়ে পদক তালিকাৰ শীৰ্ষস্থানত থাকি চেম্পিয়ন ট্ৰফী দখল কৰে৷ অন্তিমদিনা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বক্সাৰে পাঁচটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰি শীৰ্ষ স্থান নিশ্চিত কৰে৷ বিশ্ববিদ্যায়খনে ৩২ টা সোণ, ১৮ টা ৰূপ আৰু ২১ টা ব্ৰঞ্জসহ মুঠ ৭১ টা পদক লাভ কৰে৷ ইফালে, লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ে ২০টা সোণ, ১৪টা ৰূপ আৰু জ্জ্বটা ব্ৰঞ্জসহ দ্বিতীয় স্থানত থকাৰ বিপৰীতে গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ১২ টা সোণ, ২০ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷

ইফালে, উৎকল বিশ্ববিদ্যালয়ৰ সাঁতোৰবিদ প্ৰত্যাশা ৰয়ে চাৰিটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি গেমছৰ শ্ৰেষ্ঠা মহিলা খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে জৈন বিশ্ববিদ্যালয়ৰ জেভিয়াৰ মাইকেল ডিছুজাই৷ তেওঁ চাৰিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ এথলেটিকছত পাঁচটা নতুন অভিলেখ স্থাপন হয়৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বিকাশে পুৰুষৰ ১৫০০ মিটাৰ আৰু জেভেলিন থ্ৰ’ৱাৰ জ্যোতিয়ে [চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়], প’ল ভল্টৰ এম গৌথামে আৰু লং জাম্পাৰ বিষ্ণু [মাদ্ৰাজ বিশ্ববিদ্যালয়] আৰু ৮০০ মিটাৰ দৌৰবিদ অমনদীপ কৌৰে নতুন অভিলেখ গঢ়ে৷

Leave A Reply