Breaking

ধৰ্মীয় বাধা নেওচি ৫ গৰাকী বলীউডৰ তাৰকা বিবাহপাশত আৱদ্ধ হৈছিল…

0 59

প্ৰেমৰ সন্মুখত সকলো হাৰি যায়। কোনো ধৰ্ম, জাতি চাই ভালপোৱা নহয়, এনে বহু ঘটনাৰ উদাহৰণ বলিউদত পোৱা যায়। কেৱল বলীউডৰ চিনেমাতে নহয় বাস্তৱ জীৱনতো এনে বহু বলীউডৰ তাৰকা আছে যিয়ে ধৰ্মৰ দুৱাৰ পাৰ হৈ বিয়া পাতি সংসাৰ কৰি আছে। আজি আমি আপোনালোকক ক’ম এনে ৫ টা বলীউড দম্পতীৰ বিষয়ে। তেঁওলোকৰ মৰমৰ বাবে ধৰ্মৰ বাধা আহিবলৈ নিদিলে।

১/ শ্বাহৰুখ খান আৰু গৌৰী খানঃ বলীউডৰ কিং খান আৰু তেওঁৰ পত্নীৰ প্ৰেম কাহিনী সকলোৰে পৰিচিত। দুয়োজনেই বলীউডৰ প্ৰিয় দম্পতী। এটা সময়ত দুয়োৰে মাজত ধৰ্মৰ বাধা আহিছিল। গৌৰী হিন্দু আৰু শ্বাহৰুখ মুছলমান। গৌৰীৰ পৰিয়ালৰ লোকক মান্তি কৰাবলৈ শ্বাহৰুখৰ বাবে বৰ কঠিন হৈ পৰিছিল। অৱশেষত দুয়োৰে বিয়া হৈছিল ১৯৯১ চনত।

২/ Vicky kaushal and katrina kaif: বলীউডৰ জনপ্ৰিয় কাপলত ভিকি আৰু কেটৰিনাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োৰে বিবাহ ৯ ডিচেম্বৰ ২০২১ তাৰিখে ছাৱাই মাধোপুৰত। দুয়োজনে বৰ আড়ম্বৰেৰে বিয়া হৈছিল।

৩) কৰীণ কাপুৰ আৰু ছেইফ আলী খানঃ ছেইফ আলী খান আৰু কৰীনা কাপুৰ খানক বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতী বুলি গণ্য কৰা হয়। কৰীনা ছেইফতকৈ বহুত সৰু হোৱাৰ বাবে দুয়ো এক লগ হোৱাটো সহজ নাছিল। ৰাইজৰ ঠাট্টা আৰু সমাজৰ চৰ্চাক কেৰেপ নকৰি ২০১২ চনৰ ১৬ অক্টোবৰত বিবাহপাশত আবদ্ধ হয়। কৰণী ছেইফৰ দ্বিতীয় পত্নী।

৪) ৰিতেশ আৰু জেনেলিয়া ডিছৌজাঃ বলীউডৰ অভিনেতা ৰিতেশ দেশমুখ হিন্দু হোৱাৰ বিপৰীতে পত্নী জেনেলিয়া ডিছৌজা খ্ৰীষ্টান। দুয়োজনে মনে মনে ৯ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ইয়াৰ পিছত ২০১২ চনৰ ৩ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ হয়।

৫.মনোজ বাজপেয়ী আৰু শ্বাবানা ৰাজাঃ বলীউডৰ আটাইতকৈ প্ৰতিভাৱান অভিনেতা মনোজ বাজপেয়ীয়েও ধৰ্মৰ বাধা নেওচি মুছলমান পত্নী শ্বাবানা ৰাজাক বিয়া কৰাই। দুয়োৰে এগৰাকী মৰমলগা কন্যাও আছে।

Leave A Reply