Breaking

৫ টা খাদ্যই শৰীৰৰ ক্ষতি কৰাই নহয়, আয়ুসও কমাই…

0 33

সুস্বাদু যেন লগা খাদ্যই কিমান সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই কথা জানিলে আচৰিত হ’ব আপুনি। কি কি খাদ্য খালে আয়ুস কম হয় জানেনে। সুস্বাদু খাদ্যই হৃদৰোগ, এলঝেইমাৰ, ডিমেনচিয়া আদি ৰোগৰ লগতে ওজন বৃদ্ধিৰ আশংকাও কৰে। আয়ুস ক্ৰমান্বয়ে কমি যায়। কি কি খাদ্য খালে আয়ুস কম হ’ব পাৰে জানো আহক-

এই তালিকাত প্ৰচেছড মাংস প্ৰথম। কিন্তু এনে খাদ্য প্ৰায়ে খোৱা হয়। প্ৰথমতে উপলব্ধি নকৰিলেও প্ৰচেছড খাদ্যই গোপনে শৰীৰৰ ক্ষতি কৰে।

দ্ৰুতভাৱে বনোৱা হৈছে। খাবলৈ বেয়া নালাগে। কিন্তু ইনষ্টেণ্ট নুডলছ যথেষ্ট ক্ষতিকাৰক। কাৰণ, এনে নুডলছত প্ৰচুৰ পৰিমাণে নিমখ থাকে। ইয়াৰ ফলত শৰীৰত ছডিয়ামৰ মাত্ৰা বৃদ্ধি পাব পাৰে। তাৰ পৰাই শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আপুনি ব্ৰেকফাষ্ট কৰে নেকি কৰ্ণফ্লেকছৰ সৈতে? এই সকলোবোৰে আয়ুস হ্ৰাস কৰিব পাৰে। কাৰণ ইয়াত অতিৰিক্ত চেনি থাকে। ই মেদবহুলতা, ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে। সেইবাবেই আয়ুস কমাই।

সন্ধিয়া অফিচৰ পৰা উভতি অহাৰ পিছত বহি চাহৰ লগত চিপচ আৰু চানা খোৱাটো বেয়া নহয়। কিন্তু এনে খাদ্যই শৰীৰৰ ক্ষতি কৰে। চিপচ, ফ্ৰাইত নিমখ বেছি থাকে। সেইটোৱেই হৈছে শৰীৰৰ ক্ষতি।

ভোকৰ বাবে বাৰ্গাৰ জনপ্ৰিয়। কিন্তু নিয়মিতভাৱে বাৰ্গাৰ খোৱাটোও ক্ষতিকাৰক। ইয়াত কাৰ্বহাইড্ৰেট বেছি থাকে। ক্ষতিকাৰক চৰ্বিও শৰীৰলৈ যায়। তাৰ বাবেই শৰীৰৰ ক্ষতি হয়। বিভিন্ন গুৰুতৰ ৰোগৰ আশংকাও বৃদ্ধি পায়।

Leave A Reply