Breaking

গোলাঘাটত ৫ গ্ৰাম ব্ৰাউন চুগাৰ আৰু বৃহৎ পৰিমাণৰ ভাং জব্দ

0 2,031

 গোলাঘাটত মাৰাত্মক ভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ ব্যৱসায় । গোলাঘাটৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰৰ নিৰ্দেশমৰ্মে আজি গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ পেডলাৰ আৰু এজন ভাং সৰহবৰাহকাৰীক আটক কৰে।আৰক্ষীৰ অভিযানত গোলাঘাটৰ আবিদ আলি নামৰ যুৱক জনৰ পৰা ৫  গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে ফৰকাটিং গাড়ীগাঁৱৰ অনিল বৰা নামৰ লোকজনৰ পৰা ২৪ কি:গ্ৰাম ভাং জব্দ কৰে।  ফৰকাটিং জংচনৰ সমীপত এনেধৰণৰ নিষিদ্ধ ব্যৱসায় পূৰ্বৰ পৰা চলি আছে । তেনেক্ষেত্ৰত ৰাইজে   ফৰকাটিং আৰক্ষীৰ  এনেধৰণৰ অভিযান নিয়মমাফিক নহৈ প্ৰকৃতাৰ্থত হোৱাৰ কামনা কৰিছে ।

Leave A Reply